গুৱাহাটীঃ বজাৰত খোৱা তেলৰ অভাৱনীয় মূল্যবৃদ্ধিৰ পিছত মিঠা তেল চুৰি কৰাৰ ঘটনা সঘনাই পোহৰলৈ আহিবলৈ লৈছে। শেহতীয়াকৈ মঙ্গলদৈ জিলাৰ দৰঙৰ এটা শিৱ মন্দিৰত সংঘটিত হল তেল চুৰিৰ ঘটনা।
বাতৰি অনুসৰি, গেৰিমাৰীস্থিত এটা শিৱ মন্দিৰৰ পৰা নিশা চোৰে নগদ ৬০০ টকাৰ লগতে ৬ লিটাৰ মিঠাতেল চুৰি কৰি লৈ যায়। তেলৰ মূল্যবৃদ্ধিৰ বাবেই দিপাৱলীৰ প্ৰাকক্ষণত এই চুৰিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকে।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে, হোজাই আৰক্ষীয়ে দোকানৰ পৰা সৰিয়হৰ তেল চুৰি কৰাৰ অভিযোগত এজন লোকক গ্ৰেপ্তাৰ কৰিছিল। অভিযুক্তজনক হোজাইৰ চামৰবস্তিৰ দেৱাশীষ দে বুলি চিনাক্ত কৰা হৈছিল।
