দিপাৱলীত এইবাৰ ফুটাব নোৱাৰিব ফটকা!

85

ডিজিটেল ডেস্কঃ সমাগত পোহৰৰ উৎসৱ। কোৰোনা স্থিতিৰ মাজতো দিপাৱলীক লৈ দেশজুৰিত এক আনন্দ মুখৰ পৰিৱেশে বিৰাজ কৰিছে। কিন্তু এইবাৰ দিপাৱলীত ফটকা ফুটাব পাৰিব নে নাই, তাক লৈও বৃদ্ধি পাইছে চৰ্চা। দিল্লী, পঞ্জাৱৰ লগতে বহু ৰাজ্যত এতিয়া প্ৰধান সমস্যা হৈ পৰিছে বায়ু প্ৰদূষণ। বৰ্তমান সময়ত কৃষক সকলে পথাৰত ৰৈ যোৱা ফচলৰ অৱশিষ্ট সমূহ জ্বলাই দিয়াৰ পৰিপ্ৰেক্ষিততে ভয়াবহ ৰূপ ধাৰণ কৰি আহিছে বায়ু প্ৰদূষণে।

এনে পৰিস্থিতিতে দেশজুৰি দিপাৱলী পালনৰ প্ৰস্তুতি চলিছে। কিন্তু দিপাৱলীৰ পৰিপ্ৰেক্ষিতত অহা ৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ফটকা ফুটোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ বাবে দাখিল কৰা আবেদনৰ ৰায় সুৰক্ষিত ৰাখিছে নেশ্যনেল গ্ৰীণ ট্ৰিবিউনেল চমুকৈ এনজিটিয়ে। বৃহস্পতিবাৰে এনজিটিয়ে সকলো ৰাজ্যলৈ নিৰ্দেশনা জাৰি কৰি কয় যে যদি কোনো ৰাজ্যই বায়ু প্ৰদূষণ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰিব বিচাৰে, তেন্তে ৬ নৱেম্বৰৰ সন্ধিয়া ৪ বজাৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিব পাৰে।

উল্লেখ্য যে, এনজিটি আদালতে ইয়াৰ পূৰ্বে কয় যে যিবোৰ চহৰৰ বায়ু সমান্য পৰিমাণে অনুকুল হৈ আছে, সেই সমূহ চহৰত দিপাৱলীৰ ফটকা ফুটাব পাৰিব। কিন্তু যিবোৰ চহৰৰ বায়ু একেবাৰে নিম্ন মানদণ্ডৰ, সেই চহৰত ফটকা ফুটোৱাক লৈ শুনানি কৰি থকা হৈছে।