দিছপুৰ বিকাশ মঞ্চৰ উদ্যোগত সজাগতা সভা

69

ষ্টাফ ৰিপৰ্টাৰ, ৩ জুন : সামাজিক দুৰত্ব সাবধানতাৰ জৰিয়তে কৰ’না ভাইৰাছৰ পৰা পৰিত্ৰাণ পাব পাৰি। সেই বাবেই মাস্ক, ছেনিটাইজাৰ অতি আৱশ্যকীয় সামগ্ৰী হিচাপে পৰিগণিত হৈছে ৷ ইয়াৰ বাবে দিছপুৰ বিকাশ মঞ্চৰ উদ্যোগত পৰা বুধবাৰে ডিমৰীয়া আঞ্চলিক পঞ্চায়তত বিজেপি ডিমৰীয়া মণ্ডলৰ সহযোগত এক সজাগতা মুলক সভা অনুষ্ঠিত কৰা হয় ৷ সামাজিক দুৰত্ব বজাই অনুষ্ঠিত কৰা সভাখনত বিজেপিৰ ৰাজ্যিক মুখপত্ৰ তথা যুৱ নেতা জয়ন্ত দাস, দিছপুৰ সমষ্টিৰ অন্তৰ্গত ডিমৰীয়া আঞ্চলিক পঞ্চায়তৰ সভাপতি প্ৰানজিত চৌধুৰী, বিজেপি ডিমৰীয়া মণ্ডলৰ সভাপতি উদয় মজুমদাৰ উপস্থিতত স্থানীয় গাওবুঢ়া, ৱাৰ্ড মেম্বাৰ তথা জ্যেষ্ঠ নাগৰিক সকলৰ মাজত সজাগতা মুলক সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত কৰ’না ভাইৰাছৰ পৰা নিজকে কেনেকৈ সুৰক্ষিত ৰাখিব পাৰি তাৰ বাবে বিস্তৃত লভাবে আলোক পাত কৰে যুৱ নেতা জয়ন্ত দাসে ৷ উল্লেখ্য সভাৰ অন্তত উপস্থিত থকা জ্যেষ্ঠ নাগৰিক সকলৰ মাজত মাস্ক, ছেনিটাইজাৰ বিতৰণ কৰাৰ লগতে ফুলাম গামোছাৰে সম্বৰ্ধনা জনোৱা হয়।