প্ৰায় দুবছৰীয়া কোভিড পৰিস্থিতিৰ পিছত ৰাজ্যৰ বিদ্যালয়-মহাবিদ্যালসমূহ পাঠদানৰ বাবে মুকলি কৰি দিয়া হলেও শেহতীয়াকৈ শৈক্ষিক প্ৰতিষ্ঠান সমূহত দেখা দিছে কোভিডৰ আতংকই। গুৱাহাটী বিশ্ববিদ্যালয়ত কোভিডৰ গণ সংক্ৰমণৰ পিছত এইবাৰ দিছপুৰ মহাবিদ্যালয়ৰ কেইবাজনো শিক্ষাৰ্থী আৰু অধ্যাপক কোৰোনাত আক্ৰান্ত হৈছে।
উল্লেখ্য যে দিছপুৰ মহাবিদ্যালয়ৰ প্ৰি টেষ্ট পৰীক্ষা চলি আছে। কিন্তু তাৰ মাজতে কলেজখনৰ ৬ জন শিক্ষাৰ্থী আৰু এগৰাকী অধ্যাপকৰ দেহত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে আতংকৰ সৃষ্টি হৈছে।
অৱশ্যে প্ৰশাসনে এতিয়াও মহাবিদ্যালয়খনত চলি থকা পৰীক্ষা অথবা পাঠদান বাতিল কৰাৰ কোনো সিদ্ধান্ত লোৱা নাই। আনফালে মহানগৰীৰ আন এখন শৈক্ষিক প্ৰতিষ্ঠান বি বৰুৱা কলেজতো মঙ্গলবাৰে কোভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।
