দায়িত্বভাৰ গ্ৰহণ কৰিয়েই লখিমপুৰত কঠোৰ এছপি আনন্দ মিশ্ৰ! আটক ৩ নকল সোনৰ সৰবৰাহকাৰীক

368

দায়িত্ব লোৱাৰ কেইঘণ্টামানৰ পাছতে লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই নকল সোণ আৰু জালি নোটৰ বিৰুদ্ধে প্ৰথমটো অভিযান চলাই মঙলবাৰে ভুৱা সোণ সৰবৰাহৰ সৈতে জড়িত তিনিজন দুষ্কৃতিকাৰীক আটক কৰে।

আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বালিকাটা আৰু হৰিপুৰত অভিযান চলাই তিনিওটা সৰবৰাহকাৰীক আটক কৰে। সূত্ৰৰ পৰা জানিব পৰা মতে, অভিযুক্ত কেইজনৰ নাম ছাদ্দাম হুছেইন, ছাৰিফুল ইছলাম আৰু গুলজাৰ হুছেইন।

কেইবাদিনো ধৰি ৰাজ্যত ভুৱা সোণ সৰবৰাহৰ অবৈধ ব্যৱসায়ত জড়িত হৈ আছিল অভিযুক্তসকল।

সোমবাৰে আনন্দ মিশ্ৰই ৬০০০৮১৫৭৯৯ নম্বৰৰ নিৰ্দিষ্ট হেল্পলাইন নম্বৰ প্ৰৱৰ্তন কৰে, যাৰ লক্ষ্য হৈছে ব্যক্তিসকলক প্ৰৱঞ্চনামূলক কাৰ্যকলাপৰ সৈতে জড়িত কাণ্ডৰ ৰিপৰ্ট দিবলৈ ক্ষমতা প্ৰদান কৰা আৰু এনে অপৰাধৰ সৈতে জড়িত লোকসকলক চিনাক্ত কৰাত সহায় কৰা।

বিশেষকৈ নকল নোট আৰু ভুৱা সোণক লক্ষ্য কৰি সকলো ধৰণৰ অসামাজিক আৰু অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অদম্যভাৱে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মিশ্ৰই।