দাক্ষিণাত্যৰ অভিনেতা আল্লু অৰ্জুনক গ্ৰেপ্তাৰ।
৪ ডিচেম্বৰত হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত ‘পুষ্পা-2’ৰ প্ৰিমিয়াৰ শ্ব’ত পদপিষ্ট হৈছিল এগৰাকী মহিলা।
মহিলাগৰাকীৰ মৃত্য়ুৰ গোচৰত গ্ৰেপ্তাৰ ‘পুষ্পা’খ্যাত অভিনেতাজনক।
মহিলাগৰাকীৰ মৃত্য়ুৰ ক্ষতিপূৰণ হিচাপে ২৫ লাখ টকা প্ৰদানৰ ঘোষণা কৰিছিল অভিনেতাগৰাকীয়ে।
আজি কিছুসময়ৰ পূৰ্বে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে হায়দৰাবাদৰ চিককাডপল্লী থানালৈ লৈ যোৱা হৈছে অভিনেতা গৰাকীক।