দল নহয়, সমাজ সেৱাতহে বিশ্বাসী বিধায়িকা ৰ’জলীনা তিৰ্কী!

97

গুৱাহাটী: সৰুপথাৰ সমষ্টিৰ কংগ্ৰেছ বিধায়িকা ৰ’জলীনা তিৰ্কীয়ে বিজেপিত যোগদান কৰিব। এই চৰ্চাই এতিয়া গৰম কৰিছে ৰাজ্যৰ ৰাজনীতি। কেৱল ৰ’জলীনা তিৰ্কীয়েই নহয়, এতিয়া কংগ্ৰেছৰ কেইবাগৰাকীও বিধায়ক তথা প্ৰাক্তন বিধায়কে কংগ্ৰেছ এৰি বিজেপিমুখী হোৱাৰ চৰ্চা চলিছে। ক্ষমতাৰ বাবে দল বাগৰি ফুৰা এইসকল বিধায়ক-নেতাই অৱশ্যে দল সলনি কৰাৰ উদ্দেশ্য বেলেগকৈহে প্ৰকাশ কৰে সাংবাদিকৰ সন্মুখত।

শেহতীয়াকৈ কংগ্ৰেছ বিধায়িকা ৰ’জলীনা তিৰ্কীয়েও বিজেপিমুখী হোৱাৰ কাৰণ কেৱল ৰাইজৰ সেৱা বুলিহে প্ৰকাশ কৰিলে সাংবাদিকৰ সন্মুখত। মৰঙী উন্নয়ন খণ্ডৰ অন্তৰ্গত কৌৱানী পথাৰ গাঁৱক চৰকাৰৰ সামাজিক উন্নয়নমূলক আঁচনিৰ অসম দৰ্শন গ্ৰাম যোজনাৰ অধীনৰ এখন আদৰ্শ গাঁও হিচাপে গঢ়ি তোলাৰ আধাৰশিলা স্থাপনৰ অনুষ্ঠানত উপস্থিত থকাৰ সময়ত সাংবাদিকে ৰ’জলীনা তিৰ্কীক প্ৰশ্ন কৰিছিল কিয় তেওঁৰ দল বাগৰাৰ চর্চাক লৈ।

এই প্ৰশ্নৰ উত্তৰৰ পৰা ফালৰি কাটি বিধায়িকাগৰাকীয়ে কয় যে তেওঁৰ বাবে দল মূল বিষয় নহয়, উন্নয়নহে প্ৰথম কথা। দল যিয়েই নহওঁক, সমাজৰ উন্নয়নৰ বাবে তেওঁ কাম কৰিব বিচাৰে বুলি মন্তব্য কৰে সাংবাদিকৰ সন্মুখত।

উল্লেখ্য যে, অহা ২৬ ডিচেম্বৰত অসম ভ্ৰমণলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। সেই দিনটোতে কংগ্ৰেছৰ বিধায়িকা অজন্তা নেওগ, ৰ’জলীনা তির্কী, লক্ষীপুৰৰ বিধায়ক ৰাজদীপ গোৱালা আৰু প্রাক্তন কংগ্ৰেছী বিধায়ক সুশান্ত বৰগোহাঁয়ে বিজেপিত যোগদান কৰিব বুলি ৰাজ্যিক বিজেপিৰ এক সূত্ৰই প্ৰকাশ কৰিছে।