দলিত যুৱকক প্ৰহাৰ: আটক হল আৰক্ষী বিষয়া

94

ডিজিটেল ডেস্ক:- অন্ধ্ৰপ্ৰদেশৰ শ্ৰীকাকোলামৰ কাশীবুগ্গাত এজন দলিত যুৱকক অকাৰণত প্ৰহাৰ কৰাৰ অভিযোগত আটক কৰা হৈছে এগৰাকী আৰক্ষী বিষয়াক। জানিব পৰা মতে যুৱকজনৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আৰক্ষী বিষয়াজনক আটক কৰে।

খবৰ অনুসৰি, মঙলবাৰে আৰক্ষী বিষয়জনৰ সৈতে দলিত সম্প্ৰদায়ৰ যুৱকজনৰ সামান্য তৰ্কা-তৰ্কিৰ সৃষ্টি হয়। তাৰ পিছতে আৰক্ষী বিষয়জনৰ প্ৰহাৰত যুৱকজন গুৰুত্বৰভাৱে আহত হয়।

শ্ৰীকাকোলামৰ এছপি অমিত বৰদাৰে জানিবলৈ দিয়া মতে আৰক্ষী বিষয়জনৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰা হৈছে। তেওঁ কয়- “এই ঘটনা অতি দুৰ্ভাগ্যজনক। মই ইয়াৰ দায়িত্ব গ্ৰহণ কৰিছোঁ। তদন্ত অব্যাহত ৰখা হৈছে।”