দলঙেৰে পাৰ হ’বলৈ টোল টেক্স দিব লাগিব, নহ’লে ফেৰীৰে যাওকঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

207

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত আয়োজিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰি ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ হ’বলগীয়া নতুন দলংৰ বাবে মানুহে টোল টেক্স দিব লাগিব বুলি ঘোষণা কৰে।

ব্ৰহ্মপুত্ৰ নদীৰ ওপৰেৰে নিৰ্মাণ হ’বলগীয়া শদিয়া আৰু ধুবুৰী সংযোগী দলং দলং পাৰ হ’বলৈ হ’লে মানুহে টোল টেক্স দিব লাগিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।

ৰাষ্ট্ৰীয় ঘাইপথেৰে সংযুক্ত হ’বলগীয়া ব্ৰহ্মপুত্ৰৰ ওপৰত নতুনকৈ নিৰ্মাণ কৰা দলংসমূহে টোল কৰ সংগ্ৰহ কৰিব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ৰাজ্য চৰকাৰে কৰ সংগ্ৰহৰ উদ্দেশ্যেৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে। “নৱ নিৰ্মিত ব্ৰহ্মপুত্ৰৰ নতুন দলংখন পাৰ হ’বলৈ চৰকাৰক টোল টেক্স দিব লাগিব, নহ’লে যাত্ৰীসকলে নাৱেৰে যাব লাগিব।” মুখ্যমন্ত্ৰী শৰ্মাই কয়।

উল্লেখযোগ্য যে এই নতুনকৈ নিৰ্মিত দলংসমূহে যাতায়তৰ সমস্যা বহু পৰিমাণে দূৰ কৰি বিশেষকৈ প্ৰতিদিনে ফেৰীৰে যাত্ৰা কৰা লোকসকলক উপকৃত কৰিব বুলি আশা কৰা হৈছিল। তদুপৰি এই দলংখন পাৰ হ’লে ফেৰীৰে পাৰ হোৱাৰ সময়ত জনজীৱনৰ আশংকাও হ্ৰাস পোৱাৰ লগতে যাত্ৰাৰ সময়ো হ্ৰাস পাব বুলি আশা কৰা হৈছিল। কিন্তু দলঙেৰে পাৰ হ’বলৈ চৰকাৰে টোল টেক্স আৰোপ কৰাৰ সিদ্ধান্তই ৰাইজক গভীৰভাৱে চিন্তিত কৰি তুলিছে।