দলগাৱৰ বেছিমাৰীত ভয়ংকৰ অগ্নিকাণ্ড

159

ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে দলগাঁৱৰ বেছিমাৰীত।
অগ্নিকাণ্ডৰ ফলত জাহ গ’ল প্ৰায় ২৫ লাখ টকাৰ সা সম্পত্তি ।
উল্লেখযোগ্য যে দলগাঁৱৰ বৰুৱাঝাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ড ৷

জানিব পৰা মতে অগ্নিকাণ্ডত নুৰ জামালৰ চাৰিটা বাসগৃহৰ লগতে জাহ গ’ল প্ৰায় ২৫ লাখ টকাৰ সা সম্পত্তি । ইফালে কুব্বাত আলীৰ ঘৰৰো বৃহৎ ক্ষতিসাধন হোৱাৰ লগতে অগ্নিকাণ্ডত জ্বলি ভষ্মীভূত হয় এখন চাৰি চকীয়া বাহন ।

পুৱতি নিশা গাঁওখনৰ ব্যবসায়ী কুব্বাত আলী আৰু নুৰজামালৰ ঘৰত সংঘটিত হয় এই ভয়ংকৰ অগ্নিকাণ্ড ।

পিছত স্থানীয় ৰাইজৰ তৎপৰতাত জুই নুমাবলৈ সক্ষম হয় যদিও নিমিষতে জ্বলি ভষ্মীভূত হয় সকলো ।

উল্লেখযোগ্য যে, অগ্নিকাণ্ডৰ সূত্ৰপাতৰ প্রকৃত কাৰণ এতিয়ালৈ জানিব পৰা হোৱা নাই যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।