দলগাঁৱৰ বটাবাৰীত দৰং জিলা সমিতিৰ দ্বি-বাৰ্ষিক অধিৱেশন

73

দৰঙৰ দলগাঁও থানাৰ অন্তৰ্গত বটাবাৰীত আজি ইত্তেহাদ ফ্ৰন্টৰ দৰং জিলা সমিতিৰ দ্বিতীয় দ্বি-বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয়। দিনযোৰা কাৰ্যসূচীৰ অন্তত সন্ধিয়া মুকলি সভাত ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সভাপতি নুৰ ইছলাম, আছাম টকছৰ ইনপুট এডিটৰ ভাস্কৰ জ্যোতি বৰা, পি আই নিউজৰ কাৰ্যবাহী সম্পাদক নৱজ্যোতি কলিতা, ইত্তেহাদ ফ্ৰন্টৰ ৰাজ্যিক সাধাৰণ সম্পাদক বাহাৰুল ইছলাম উপস্থিত থকা সভাখনত ৫ শতাধিক ৰাইজৰ সমাগম ঘটে।

সভাত ভাস্কৰজ্যোতি বৰাই সংখালঘু অঞ্চলৰ শৈক্ষিক সমস্যা, মাটিৰ পট্টা, বানপানী ও গৰাখহনীয়া সমস্যা, NRC, D-VOTER, আদি সকলো সমস্যা সম্পর্কে আলোকপাত কৰে। লগতে কয়, দলগাঁৱৰ কৃষি ভিত্তিক অৰ্থনীতি অবিহনে সমগ্র ৰাজ্যৰ অৰ্থনীতি সলনি হৈ যাব৷ অসম খনত ভাষিক হিচাপেহে আমাৰ পৰিচয় অসমীয়া, ধৰ্মীয় ভাৱে নহয়। আপুনি মই অসমীয়া ভাষাত কথা কঁও বাবেই আমি অসমীয়া। অসমত অসমীয়াৰ সম অধিকাৰ থাকিব। ভাষণ সন্দৰ্ভত নৱজ্যোতি কলিতাই কয়, সংখ্যালঘু সম্প্রদায় পিছপৰা নহয় কেৱল সঠিক নিৰ্দেশনাৰ প্ৰয়োজন।