দক্ষিণ শৰনীয়াত বিজেপি যুৱ মৰ্চাৰ সামগ্ৰী বিতৰণ

72

ষ্টাফৰিপোৰ্টাৰ, ২৯ এপ্ৰিল :: কৰ’না ভাইৰাছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষটো এক বিভীষিকা ময় পৰিবেশ সৃষ্টি কৰিছে ৷ যাৰ বাবে সমগ্ৰ দেশৰ লগতে অসমতো প্ৰযোজ্য হৈ আছে লকডাউন ৷ ইয়াৰ বাবে এচাম দুখীয়া পৰিয়ালে খাদ্যসামগ্ৰীৰ যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আহিছে ৷ এই ক্ষেত্ৰত বিজেপি গুৱাহাটী মহানগৰ জিলা যুৱ মৰ্চাই সামন্য সহায় কৰাৰ উদ্দেশ্যৰে কাষত থিয় হৈছে ৷বুধবাৰে মহানগৰীৰ দক্ষিণ শৰনীয়া গান্ধী মণ্ডপ পথৰ প্ৰায় ৪০ টা পৰিয়ালৰ মাজত খাদ্যসামগ্ৰী বিতৰন কৰে ৷ মহানগৰ জিলাৰ যুৱ মৰ্চাৰ সভাপতি মানস প্ৰতিম দাস নেতৃত্বত আয়োজিত সামগ্ৰী বিতৰন অনুষ্ঠানত কংকন দাস, প্ৰাজ্জ্বল দত্ত, কবিতা শৰ্মাৰ লগতে মৰ্চাৰ বিষয়ববীয়া সকল উপস্থিত থাকি সহযোগীতা আগবঢ়ায়।৷