দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত গণ বিক্ষোভ কাৰ্য্যসুচী ৷দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জৰ বৰলুইতৰ পাৰত গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত আজি ফকিৰগঞ্জ অঞ্চলৰ ৰাইজে বিশাল গণ বিক্ষোভ কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত সহশ্ৰাধিক ৰাইজে হাতে হাতে প্লেকাৰ্ডলৈ পুৱাৰ ভাগতেই বৰলুইতৰ পাৰত উপস্থিতহৈ সাব্যস্ত কৰে প্ৰতিবাদ ৷
উল্লেখ্য যে, দক্ষিণ শালমাৰা সমষ্টিৰ ফকিৰগঞ্জ অঞ্চলত বিগত কেইবছৰ ধৰি গৰাখহনীয়াৰ কৱলত পৰি বিলিন হৈছে শ শ বিঘা কৃষি ভূমিৰ লগতে হাজাৰ হাজাৰ লোকৰ বাসগৃহ আৰু বহুত চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান ৷ দীৰ্ঘদিনৰ পৰা চলা গৰাখহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰাত ব্যৰ্থ হৈছে প্ৰতিটো চৰকাৰে ৷
বৰ্তমান গৰাখহনীয়াৰ চৰম ভাবুকিত পৰিছে ফকিৰগঞ্জ অঞ্চলৰ বহুকেইটা গাওঁ ৷ কাৰণ ফকিৰগঞ্জ অঞ্চলৰ মাজত থকা বৃহৎ আকাৰৰ সোনাই বিল গৰাখহনীয়াৰ কৱলত পৰি ব্ৰহ্মপুত্ৰৰ লগত একাষাৰ হৈ পৰিছে ৷ পৰবৰ্ত্তী সময়ত ব্ৰহ্মপুত্ৰত পানী বৃদ্ধি হলে সোনাই বিলৰ কাষতে থকা গাওঁ বিলাকৰ প্ৰতি চৰম ভাবুকিত পৰিব সেয়া নিশ্চিত হৈ পৰিছে। যাৰবাবে ফকিৰগঞ্জ অঞ্চলৰ ৰাইজৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷
ইফালে গৰাখহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে দিয়া ১৫ কোটি টকীয়া কামত দুৰ্নীতি হোৱাৰ বাবে ১৫ কোটি টকা পানীত উঠি যোৱাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীয়ে ৷
ইফালে স্থানীয় সাংসদ বিধায়ক আৰু চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অঅি শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় চৰকাৰক অন্যথাই অধিক ভয়াবহ আন্দোলনৰ হুংকাৰ প্ৰতিবাদকাৰীৰ ৷
