দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্তত বানৰ সংহাৰী ৰূপ

71

দক্ষিণ শালমাৰাৰ বিভিন্ন ঠাইত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। ঠায়ে ঠায়ে বাট–পথ আৰু মথাউৰিসমূহত অতি বিপদজ্জনক অৱস্থাৰ সৃষ্টি কৰিছে বাঢ়নী পানীয়ে। ৰাইজৰ অভিযোগ, বিভাগীয় কৰ্তৃপক্ষই  কোনো আগতীয়া পদক্ষেপ নোলোৱাৰ বাবেই বলীয়া বানে উটুৱাই নিবলৈ আৰম্ভ কৰিছে বিভিন্ন দলং, মথাউৰি তথা বাট–পথ।

ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদ সীমাৰ পৰা প্ৰায় এক মিটাৰ ওপৰেৰে বৈ থকাৰ ফলত ফকিৰগঞ্জৰ লগত মেঘালয়ৰ ফুলবাৰী সংযোগী একমাত্ৰ গড়কাপ্তানী পথত ব্ৰহ্মপুত্ৰৰ শাখাত থকা দলঙখনৰ এপ্ৰোচ ৰোড পুৱাৰে পৰা খহাবলৈ আৰম্ভ কৰিছে।

দলংখন অতি বিপজ্জনক হৈ আছে আৰু যিকোনো মুহূৰ্তত বাঢ়নী পানীয়ে খহাই লৈ যাব পাৰে। যদিও বিভাগে দলঙৰ দুয়োপাৰে বাঁহেৰে অস্থায়ীভাৱে যোগাযোগৰ ব্যৱস্থা কৰি দিছে কিন্তু সেয়া যিকোনো মুৰ্হুতত বাঢ়নী পানীয়ে উটুৱাই লৈ যাব পাৰে।