ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ নগাঁও জিলাৰ দক্ষিণ-পশ্চিম প্ৰান্তত বান পৰিস্থিতি আজিও অপৰিবৰ্তিত হৈ আছে। চলিত বৰ্ষৰ দ্বিতীয় বৰ্ষৰ দ্বিতীয়টো বানে এই অঞ্চলবোৰৰ ৰাইজৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি কৰিছে। ইয়াৰ মাজতে কালি বিয়লিৰ ভাগত ফুলগুৰি-দেওবালিত থকা কলং নদীৰ মথাউৰিটো বাঢ়নী পানীয়ে ছিঙি নিয়াৰ ফলত ন ন অঞ্চল প্লাৱিত হৈছে।
ষ্মৰ্তব্য যে ২০০৪ চনৰ প্ৰলয়ংকৰী বানৰ দৰে চলিত বৰ্ষতো বৃহত্তৰ ৰহা ৰাজহ চক্ৰৰ অন্তৰ্গত কুৰিখনৰো অধিক গাঁও জলমগ্ন হৈ পৰিছে। এইবাৰৰ বানত ফুলগুৰি, দেওবালি, কাকতি গাঁও, দীঘলদৰি, সৰাগাঁও, ৰণথলী, ম’হগড়, গড়মূৰ, দলংবন্ধা, কহিগুৰি, কটহগুৰি, গান্ধীবড়ি, টাঙোনমৰা, পেটবঢ়া, জানছিগা, জাগীয়ালকে ধৰি অঞ্চলটোৰ বৃহত্তৰ অঞ্চলটোৰ বহু হাজাৰ বিঘা কৃষিভূমিৰ লগতে ঘৰ-বাৰী জলমগ্ন হৈছে।
ইতিমধ্যে অঞ্চলটোৰ গঞাই ফুলগুৰি উচ্চ মাধ্যমিক, ফুলগুৰি প্ৰাথমিক, ফুলগুৰিৰ বজাৰ গৃহ, ৰণথলীৰ চাৰিলেনযুক্ত ঘাইপথৰ কাষৰ ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰিছে। বৃহত্তৰ অঞ্চলটোত বাঢ়নী পান প্ৰতিদিনে দ্ৰুত গতিৰে কাষৰীয়া অঞ্চললৈ সম্প্ৰসাৰিত হোৱাত ৰাইজ অধিক আতংকিত হৈছে।
ইপিনে বানৰ কৱলত ডাকৰঘাট, কৃষ্ণাইখাট, বৰজহা, দেওধৰ, ঘাঁহী, ৰণথলী, ৰঙাচিলা, উজনিকুৰি, বিহুচোৱাবৰ আদি অঞ্চলৰ বান পৰিস্থিতিয়ে ক্ৰমাৎ জটিল ৰূপ ধাৰণ কৰিছে। যাৰ ফলত অঞ্চলবাসী অধিক আতংকিত হৈ পৰিছে। আনকি পূৰ্বতে স্থাপন কৰা শিবিৰসমূহত বন্যাৰ্তৰ আশ্ৰয়ৰ বাবে ঠাইৰ অভাৱ ঘটাত ৰাইজ ব্যাপক সমস্যাৰ সন্মুখীন হোৱা দেখা গৈছে।
এনে অৱস্থাত জিলা প্ৰশাসনৰ ফালৰ পৰা বন্যাৰ্তৰ বাবে পৰ্যাপ্ত সা-সুবিধাৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উঠিছে। অভিযোগ মতে চৰকাৰৰ ফালৰ পৰা পয্যাপ্ত সাহাৰ্য লাভ নকৰাত বন্যাৰ্তই খাদ্য আৰু খোৱাপানীৰ বাবে হুমুনিয়াহ কাঢ়িবলগীয়া হৈছে। তদুপৰি বানৰ এনে বিভীষিকাৰ বাবে পোহনীয়া জীৱ-জন্তুৰ বিলৈ-বিপত্তি দেখা দিছে তাক লৈ গঞা চিন্তিত হৈ পৰিছে।