দক্ষিণ কামৰূপৰ সোণতলীৰ চাউৰদিয়াত জৰাজীৰ্ণ দলং৷

177

দক্ষিণ কামৰূপৰ সোণতলীৰ চাউৰদিয়াত জৰাজীৰ্ণ দলং৷ বিপদসংকুল যাতায়াত ৰাইজৰ৷
কাণসাৰ নাই চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ৷
চৰম অৱহেলা জনপ্ৰতিনিধিৰ৷

উল্লেখযোগ্য যে বকো সমষ্টি আৰু চেঙা সমষ্টিৰ ৰাইজৰ যাতায়াত একমাত্ৰ পথ৷ বোকাময় পথটোত আছে দুখনকৈ বিপদসংকুল দলং৷ জৰাজীৰ্ণ দলংখনেৰে দৈনিক বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে দুয়োখন সমষ্টিৰ সীমান্তৱৰ্তী ৰাইজে৷

বকো সমষ্টিৰ চাউৰদিয়া, ৰৌমাৰী, সোণতলী সত্ৰ, পাথালিপাৰা, গৰৈমাৰী বিলৰজান, লটৰীয়াদিয়া, সৰু আৰিকাটি, বৰঘোল, পানীখাইতী আনহাতে বৰপেটা জিলাৰ মৰিচাকান্দি চৰ, লক্ষীপুৰ চৰ, কাছুমামাৰা, আণ্ডাভাংগা, কাছিমপুৰ, ম’হচৰা, শিমুলবাৰী আদিকে ধৰি প্রায় ৪০খনতকৈ অধিক গাঁৱৰ ৰাইজে যাতায়াত অব্যাহত ৰাখিছে এই দলং দুখনেৰে৷ কণ কণ শিশুৰ লগতে স্কুল-কলেজীয়া ছাত্র-ছাত্রীয়ে দৈনিক বিপদসংকুল যাতায়াত অব্যাহত ৰাখিছে মৰণফান্দ সদৃশ সাঁকোৰে৷

অতি দুৰ্বল তথা বিপদসংকুল দলং তথা সাঁকোৰে অঞ্চলবাসীয়ে যাতায়াত অব্যাহত ৰাখিছে যদিও বৃহত্তৰ অঞ্চলটোত কোনো যান-বাহন চলাচল কৰিব নোৱাৰে৷ ফলত মৃত্যুঞ্জয়-১০৮, আদৰণি আদি সেৱাৰ পৰা বঞ্চিত হ’বলগা হৈছে অঞ্চলবাসী৷

ফলত ঠেলা, সাঙি বা চাইকেলেৰে কঢ়িৱাবলগীয়া হৈছে গৰ্ভৱতী মহিলা অথবা সংকটজনক ৰোগী৷
যাতায়াতৰ সুব্যৱস্থা নথকাৰ ফলত কৃষিপ্ৰধান অঞ্চলটোৰ ৰাইজ বঞ্চিত হ’বলগীয়া হৈছে কৃষি উৎপাদিত শস্যৰ উচিত মূল্যৰ পৰা৷

ইমানৰ পিছতো কোনোধৰণৰ গুৰুত্ব আৰোপ নকৰে বিধায়িকা নন্দিতা দাসে৷ সেয়েহে আছে গৰু নাবায় হাল থকাতকৈ নথকাই ভাল বুলি ক্ষোভ উজাৰে ভুক্তভোগী জনতাই৷