দক্ষিণ কামৰূপৰ সোণতলীত নিচাগ্ৰস্থ যুৱকৰ সন্ত্ৰাস

152

দক্ষিণ কামৰূপৰ সোণতলীত নিচাগ্ৰস্থ যুৱকৰ সন্ত্ৰাস ৷

নিচা সেৱন কৰি দুটি কণমানিক আক্ৰমণ কৰা ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে।

ড্ৰাগছ নাইবা মদৰ নিচা নহয়, নিচাগ্ৰস্ত যুৱকে লৈছে ন ন পদ্ধতি ৷

এইবাৰ বগা কলমৰ চিয়াহী (Eraz-EX) সেৱন কৰি যুৱকৰ উদ্ভণ্ডালী ৷ Eraz-EX ৰ চিয়াহী সেৱন কৰি সোণতলী সত্ৰ গাঁৱৰ ৰফিকুল ইছলাম নামৰ নিচাসক্ত যুৱকজনে ৰাস্তাৰে গৈ থকা দুটি কণমানি শিশুক আক্ৰমণ চলোৱা ঘটনাৰ পিছতেই উত্তপ্ত হৈ পৰে সোণতলী অঞ্চল ৷

ইতিমধ্যে ঘটনাস্থলীত সোণতলী আৰক্ষীৰ লোক উপস্থিত হৈ অভিযুক্ত ৰফিকুল ইছলামক আটক কৰিছে