দক্ষতা বিকাশ প্ৰশিক্ষণৰ ৮০ কোটি টকীয়া কেলেংকাৰী । টিহুত শ্ৰমিকৰ প্ৰতিবাদ । আলোক সৰকাৰৰ বিৰুদ্ধে টিহু থানাত গোচৰ পঞ্জীয়ন ।দক্ষতা বিকাশ প্ৰশিক্ষণৰ নামত হোৱা ৮০ কোটি টকীয়া কেলেংকাৰীয়ে জোকাৰিছে ৰাজ্য । দক্ষতা বিকাশ প্ৰশিক্ষণৰ ঠিকা লাভ কৰা আলোক সৰকাৰে প্ৰশিক্ষণ প্ৰাপ্ত শ্ৰমিকক প্ৰাপ্য মজুৰিৰ পৰা বঞ্চিত কৰি বৃহৎ ধন আত্মসাত কৰাৰ অভিযোগত ৰাজ্যজুৰি আলোক সৰকাৰৰ বিৰুদ্ধে আৰম্ভ হোৱা প্ৰতিবাদ আজিও অব্যাহত আছে । শ্ৰমিক সকলে একত্ৰিত ভাবে ধাৰাবাহিক ভাবে দক্ষতা বিকাশ প্ৰশিক্ষণৰ কেলেংকাৰীৰ মূল অভিযুক্ত আলোক সৰকাৰক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী চলাই অহাৰ পিছত সোমবাৰে টিহুতো শ্ৰমিক সকলে আলোক সৰকাৰক গ্ৰেপ্তাৰৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখ্য যে শ্ৰমিক সকলৰ এজাহাৰৰ ভিত্তিত আলোক সৰকাৰৰ বিৰুদ্ধে টিহু আৰক্ষী থানাত ১০০/২২ নম্বৰত এক গোচৰ পঞ্জীয়ন হয় । বৃহত্তৰ টিহু অঞ্চলৰ কেইবাটাও দক্ষতা বিকাশ প্ৰশিক্ষণৰ প্ৰশিক্ষণ প্ৰাপ্ত শ্ৰমিকে মাজুৰীৰ লগতে প্ৰমাণ পত্ৰও লাভ নকৰাৰ অভিযোগ উত্থাপন হৈছে । এতিয়া প্ৰশ্ন উঠিছে দুৰ্নীতিৰ ক্ষেত্ৰত শূন্য সহনশীলতাৰ কথা কোৱা চৰকাৰ খনে ৮০ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগ উত্থাপন হোৱা আলোক সৰকাৰৰ বিৰুদ্ধে কোনো ব্যবস্থা গ্ৰহণ কৰা নাই কিয় ? নে কোনো মন্ত্ৰী নাইবা সাংসদৰ ছত্ৰছায়াত হৈছিল এই দুৰ্নীতি ? সেইয়া সময়ে কব ।
