থাইলেণ্ডৰ পৰা ভাৰতৰ দুই পলাতক অপৰাধীক প্ৰত্যৰ্পণ

15

থাইলেণ্ডৰ পৰা ভাৰতৰ দুই পলাতক অপৰাধীক প্ৰত্যৰ্পণ । থাইলেণ্ডে ভাৰতক গতালে দুই পলাতক অপৰাধীক । বেংককস্থিত ভাৰতীয় দূতাৱাসৰ সহযোগত দুয়োকে গতোৱা হ’ল দেশক । জনাৰ্দন সুন্দৰম আৰু বীৰেন্দ্ৰভাই মণিভাই পেটেলক অনা হ’ল ভাৰতলৈ । দুয়োকে ইন্টাৰপ’লে জাৰি কৰিছিল ৰেড নোটিচ । কলকাতা বিমানবন্দৰত গ্ৰেপ্তাৰ কৰা হয় জনাৰ্দন সুন্দৰমক । ৮৭ কোটি টকাৰ প্ৰৱঞ্চনাত জড়িত জনাৰ্দন সুন্দৰম। প্ৰৱঞ্চনাৰ গোচৰত ২০ বছৰ পলাতক হৈ আছিল বীৰেন্দ্ৰভাই মণিভাই পেটেল । ৭৭ কোটি টকাৰ কেলেংকাৰিত বিচাৰি আছিল গুজৰাট আৰক্ষীয়ে । গুজৰাটৰ চাৰোটাৰ নাগৰিক সহকাৰী বেংকৰ সঞ্চালক আছিল পেটেল ।