উত্তৰ প্ৰদেশৰ বাৰাণসী জিলাত মতৰ অমিলক লৈ হোৱা বিবাদৰ পিছতে এগৰাকী কিশোৰীক চৰ মাৰিলে এগৰাকী মহিলা চৰকাৰী বিষয়াই। উত্তৰ প্ৰদেশৰ বিষমপুৰ গাঁৱত সংঘটিত হোৱা এই ঘটনাক লৈ সৃষ্টি হয় তীব্র চাঞ্চল্যৰ। প্ৰচি কেছাৰৱানী নামৰ উপ তহচিলদাৰ মহিলা বিষয়াগৰাকীয়ে অঞ্চলটোৰ অবৈধ ভূমি দখলৰ তদন্তৰ বাবে গাঁওখনলৈ গৈছিল। ডেপুটি তহচিলদাৰ আৰু কিশোৰীগৰাকীৰ মাজত তৰ্ক-বিতৰ্কৰ সৃষ্টি হয় আৰু তাৰ পিছতে বিষয়াগৰাকীয়ে ছোৱালীজনীক চৰ মাৰিলে। এই ঘটনাৰ ভিডিঅ’ই চচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
খবৰ অনুসৰি বাৰাণসীৰ কাপছেঠি থানা এলেকাৰ ভীষমপুৰ গাঁৱত একাংশ গাঁওবাসীয়ে অবৈধভাৱে এটুকুৰা মাটি দখল কৰিছিল। উচ্চ ন্যায়ালয়ে ভূমি খালী কৰাৰ নিৰ্দেশ জাৰি কৰে। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি কাম কৰি ভূমি অবৈধ দখলৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ স্থানত উপস্থিত হয় উপ তহচিলদাৰ প্ৰচি কেছাৰৱানীয়ে। থিতাতে উপস্থিত থকা ৰাইজে তেওঁলোকৰ বেদখলৰ বিৰুদ্ধে এই কাৰ্যক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।
ডেপুটি তহচিলদাৰে বেদখলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰি থকাৰ সময়তে ভিৰৰ মাজৰ পৰা ওলাই অহা এগৰাকী কণমানি ছোৱালীয়ে প্ৰাচী কেছাৰৱানীক উচ্চ ন্যায়ালয়ৰ অৰ্ডাৰ কপি দেখুৱাবলৈ ক’বলৈ আৰম্ভ কৰে। যাৰ বাবে মহিলা বিষয়াগৰাকী বিৰক্ত হৈ পৰে আৰু তেওঁলোকৰ মাজত তীব্ৰ তৰ্কৰ সৃষ্টি হয়। তৰ্ক-বিতৰ্কৰ পিছত ক্ষুব্ধ হৈ পৰে ডেপুটি তহচিলদাৰ প্ৰাচী কেছাৰৱানীয়ে আৰু ৰাইজৰ সন্মুখতে চৰ শোধায় কিশোৰীজনীক।
ৰাইজৰ সন্মুখত কিশোৰীক চৰ মৰা কাৰ্যক লৈ মহিলা বিষয়াগৰাকীক ক্ষোভিত হৈ ৰাইজে ঘেৰাও কৰে। এই হুলস্থুল দেখি থিতাতে উপস্থিত থকা আৰক্ষী বিষয়াসকলে মহিলা বিষয়াগৰাকীক ভিৰৰ মাজৰ পৰা উলিয়াই আনি নিজৰ লগত লৈ যায়।
ৰাইজে খঙত মহিলা বিষয়াগৰাকীৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰাৰ পিছতে বেদখলৰ বিৰুদ্ধে এই কার্য স্থগিত ৰখা হয়৷ খবৰ অনুসৰি, উপ তহচিলদাৰ প্ৰাচী কেছাৰৱানীৰ এই কাৰ্যৰ বিৰুদ্ধে গাঁওবাসীয়েও উচ্চ কৰ্তৃপক্ষৰ ওচৰত অভিযোগ দাখিল কৰিছে। মহিলা বিষয়াগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে গাঁওবাসীয়ে।