ত্ৰিৰংগাৰে স্কুটী চাফা কৰি দিল্লীত গ্ৰেপ্তাৰ এজন…

74

ৰাষ্ট্ৰীয় পতাকাৰ অপমানৰ অপৰাধত দিল্লীত গ্ৰেপ্তাৰ কৰা হৈছে এজন লোকক।

ত্ৰিৰংগাৰে স্কুটী চাফা কৰিছিল ব্যক্তিজনে।

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে লোকজনক।

ভাইৰেল ভিডিঅ’টোত এখন ত্ৰিৰংগাৰে স্কুটীখন চাফা কৰি থকা দেখা গৈছে এজন লোকক।

কোনো লোকে এই মোবাইল কেমেৰাত সেই দৃশ্য ৰেকৰ্ড কৰি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল।

তাৰ পিছতে সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।

ৰাষ্ট্ৰীয় পতাকাৰ অপমানৰ অপৰাধত দিল্লী আৰক্ষীয়ে লোকজনক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰে।