ত্ৰিপুৰাত গ্ৰেপ্তাৰ হোৱা দুই মহিলা সাংবাদিকক পলিটিকেল এজেন্ট আখ্যা মন্ত্ৰী সুশান্ত চৌধুৰীৰ

9130

ত্ৰিপুৰা হিংসাৰ গোচৰত গ্ৰেপ্তাৰ হোৱা দুই মহিলা সাংবাদিকক জামিনত মুক্তি দিয়া হৈছে। কিন্তু তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীয়ে অভিযোগ কৰিছে যে দুয়োগৰাকী মহিলা সাংবাদিক ৰাজনৈতিক দলৰ এজেণ্ট। মন্ত্ৰীজনে কৈছে যে দুয়োগৰাকী মহিলাৰ লক্ষ্য আছিল ৰাজ্যখনত অস্থিৰতা সৃষ্টি কৰা। সেইকাৰণে তেওঁলোকে ভুৱা ছবি আৰু বাতৰি ভাইৰেল কৰিছিল। দুয়োগৰাকী সাংবাদিকে সাম্প্ৰদায়িক বিভ্ৰান্তি সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ কৰে মন্ত্ৰীজনে।

উল্লেখ্য যে, ত্ৰিপুৰাৰ হিংসা কভাৰ কৰি থকা দুগৰাকী মহিলা সাংবাদিক সমৃদ্ধি চাকুনিয়া আৰু স্বৰ্ণ ঝাক গ্ৰেপ্তাৰ কৰা হয়। তেওঁলোকৰ ওপৰত ভুৱা বাতৰিৰ অভিযোগ উত্থাপন কৰে আৰু ৰাজ্যখনৰ পৰিৱেশ নষ্ট কৰাৰো অভিযোগ তোলে। বিশ্ব হিন্দু পৰিষদৰ অভিযোগৰ পিছত গ্ৰেপ্তাৰ সাংবাদিক দুগৰাকীক গ্ৰেপ্তাৰ কৰা হয় যদিও সোমবাৰে ত্ৰিপুৰাৰ স্থানীয় আদালতে দুয়োকে জামিন প্ৰদান কৰে।