বৃহস্পতিবাৰে নিশা গহপৰুত তেল ডিপ’ৰ পৰা চুৰি হ’ল এখন ডাম্পাৰ। হেলেম আৰক্ষী থানাৰ অন্তৰ্গত টকৌবাৰী(ফাতিয়াবাৰী)ৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত নতুনকৈ স্থাপন কৰা ইণ্ডিয়ান অইলৰ হেলেম চাৰ্ভিছ ষ্টেচন নামৰ তেল ডিপোটোৰ চৌহদৰ পৰা চুৰি হয় ডাম্পাৰখন।
উল্লেখযোগ্য যে,তেল ডিপোটোৰ স্বতাধীকাৰী ক্ষিৰোদ ভূঞাৰ নামত থকা এএছ০৭চি ৭২৭৭ নম্বৰৰ ডাম্পাৰখন আন দিনৰ দৰে কালিও কৰ্ম সম্পাদন কৰাৰ পিছত সন্ধিয়া তেল ডিপোটোৰ চৌহদত ৰাখিছিল ড্ৰাম্পাৰখনৰ চালকে।তেল ডিপোটোৰ কৰ্মচাৰী আৰু ডাম্পাৰ চালক জনে নিশা ভাত খাই বিছনালৈ যোৱাৰ পিছত শুকুৰবাৰে পুৱা প্ৰায় ৫ বজাত চালক জন শুই উঠি ডাম্পাৰ খন লৈ কামলৈ যাবলৈ সাজূ্ হয় যদিও যথাস্থানত ডাম্পাৰখন নেদেখি আচৰিত হৈ পৰে।
লগে লগে তেওঁ এই বিষয়ে ডিপোটাৰ কৰ্মচাৰী সকলক অবগত কৰাৰ পিছত চিচি টিভিৰ ফুটেজ প্ৰত্যক্ষ কৰি ডাম্পাৰ খন চুৰি হোৱা বুলি নিশ্চিত হয়।চিচি টিভিত থকা ভিডিঅ’ ফুটেজ প্ৰত্যক্ষ কৰি জানিব পৰা হয় যে যোৱা নিশা প্ৰায় ১ বজাত ডাম্পাৰ খনৰ কেবিনৰ ভিতৰত দুজন যুৱক প্ৰৱেশ কৰি নিশা ১-১২ বজাত ডাম্পাৰখন চলাই ৰাষ্ট্ৰীয় ঘাইপথৰে পুৱ দিশলৈ লৈ যায়।
ঘটনা সংক্ৰান্তত ক্ষিৰোদ ভূঞাই হেলেম আৰক্ষী থানাত শুকুৰবাৰে পুৱা এখন এজাহাৰ দাখিল কৰে।আজি পুৱাবেলা গহপুৰ মহকুমাৰ মহকুমা আৰক্ষী বিষয়া অমিত কুমাৰ হোজাই আৰু হেলেম আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰেণ গগৈ ডিপোটোত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ লগতে চিচি টিভিৰ ফুটেজ সংগ্ৰহ কৰি অনুসন্ধান অব্যাহত ৰাখিছে।
