তেজস্বী যাদৱৰ বিৰুদ্ধে টিকটৰ বাবদ ৫০ লাখ টকা বিচৰাৰ অভিযোগ জ্যেষ্ঠ আৰজেডি নেতাৰ

122

ডিজিটেল ডেস্কঃ ঘোষণা হৈছে বিহাৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ। নিৰ্বাচনৰ তাৰিখ ঘোষণা হোৱাৰ পিছতে ৰাজ্যখনত ৰাজনৈতিক দলসমূহে তৎপৰতা দেখুৱাইছে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে। তাৰ মাজতে এতিয়া বৃদ্ধি পাইছে দল তথা নেতাৰ মাজৰ অভিযোগ-প্ৰত্যাভিযোগৰ মাত্ৰা। শেহতীয়াকৈ ৰাজ্যখনৰ প্ৰধান বিৰোধী দল ৰাষ্ট্ৰীয় জনতা দলৰ অনুসূচিত জাতি, জনজাতি চেলৰ প্ৰদেশ সচিব শক্তি মালিকে তেজস্বী যাদৱৰ বিৰুদ্ধে টিকটৰ বিনিময়ত ৫০ লাখ টকা দাবী কৰাৰ অভিযোগ তুলিছে।

শক্তি মালিকৰ অভিযোগ অনুসৰি, তেওঁ যেতিয়া আৰজেডিৰ অনুসূচিত জাতি, জনজাতি চেলৰ প্ৰদেশ অধ্যক্ষ অনিল সাধুৰ সৈতে তেজস্বী যাদৱক সাক্ষাৎ কৰিবলৈ যায়, তেতিয়া টিকট প্ৰদানৰ নামত তেজস্বীয়ে মালিকৰ পৰা ৫০ লাখ টকা দাবী কৰে। কেৱল এয়াই নহয়, টকা কিয় দিব লাগে বুলি শক্তি মালিকে প্ৰশ্ন কৰাত তেওঁক জাতিগত টিপ্পনী কৰা বুলিও অভিযোগ উত্থাপন কৰা হৈছে তেজস্বী যাদৱৰ বিৰুদ্ধে।

ইফালে নিজ দলৰে এগৰাকী জ্যেষ্ঠ নেতাই লগোৱা এই অভিযোগে দলটোৰ ভিতৰুৱা খামখেয়ালি বৃদ্ধি কৰিব বুলি বিভিন্নজনে দাবী কৰিছে। শক্তি মালিকে লগোৱা এই অভিযোগ তেজস্বী যাদৱে কেনেদৰে খণ্ডন কৰে, সেয়াই পৰৱৰ্তী সময়তহে লক্ষণীয় হ’ব।