তেজস্বী আৰু ৰাবড়ী দেৱীয়ে মোক লৈ নহা হ’লে ৰাঁচীতে মৃত্যু হ’লহেঁতেন মোৰঃ লালুপ্ৰসাদ যাদৱ

63

লালু প্ৰসাদ গঠনে এদিন গঠন কৰা ৰাজনৈতিক দল ৰাষ্ট্ৰীয় জনতা দলে আজি ২৫ বছৰ অতিক্ৰম কৰিলে। বিহাৰত আৰজেডিয়ে আজি ৰূপালী জয়ন্তী উদযাপন কৰে মহা ধুমধামেৰে। ইফালে দিল্লীৰ এইমছত চিকিৎসাধীন হৈ থকাৰ পৰাই দলটোৰ সভাপতি তথা বিহাৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী লালুপ্ৰসাদ যাদৱে ভিডিঅ’ কনফাৰেন্সযোগে ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষ্যে দলৰ নেতা আৰু কৰ্মীসকল সম্বোধন কৰে।

২০২০ৰ বিহাৰ বিধানসভা নিৰ্বাচনত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নোপোৱাৰ আক্ষেপ ব্যক্ত কৰি লালু প্ৰসাদ যাদৱে নিজৰ স্বাস্থ্য সম্পৰ্কতো নেতা-কৰ্মীসকলক অৱগত কৰায়। তেওঁ কয়, ‘তেজস্বী আৰু ৰাবড়ী দেৱীয়ে মোক লৈ নহা হ’লে মই ৰাঁচীতে শেষ নিশ্বাস ত্যাগ কৰিবলগা হ’লহেঁতেন। বৰ্তমান এইমছত চিকিৎসাধীন হৈ আছো। খোৱা বোৱাত যথেষ্ট গুৰুত্ব দিবলগা হৈছে। পানীও কমকৈ খাবলগা হৈছে। কিন্তু বৰ্তমান মই ভালে আছো।’

আনহাতে অতি শীঘ্ৰে তেওঁ বিহাৰমুখী হব বুলিও দলীয় কৰ্মীসকলক আশ্বাস প্ৰদান কৰে। ইফালে ভিডিঅ’ কনফাৰেন্সযোগে হোৱা বাৰ্তালাপতে তেজস্বী যাদৱে আৰজেডি শক্তিশালী হৈ থকা বুলি মন্তব্য কৰে।