তেজপুৰ সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল বৃন্দাবন গোস্বামীৰ

82

একালৰ বৃন্দাবন একালত পৰে চন৷ এই আপ্তবাক্যশাৰী যেন প্ৰমাণ হৈছে বৃন্দাবন গোস্বামীৰ ক্ষেত্ৰত৷ দলৰ জন্মদাতা, ১৯৮৫ চনৰ পৰা বিধায়ক, প্ৰাক্তন সভাপতি হোৱাৰ পিছতো অগপ দলে টিকট নিদিয়াত এতিয়া যেন চন পৰিছে একালৰ বৃন্দাবন৷ দলে টিকট নিদিলেও আজি তেজপুৰ সমষ্টিত নিৰ্দলীয় হিচাপে মনোনয়ন দাখিল কৰে বৃন্দবন গোস্বামীয়ে৷ অগপৰ প্ৰাক্তন সভাপতি তথা তেজপুৰৰ বিধায়ক বৃন্দাবন গোস্বামীয়ে আজি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে৷

পুৱাই কেইবা সহস্ৰাধিক সমৰ্থকক লগত লৈ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত হৈ মনোনয়ন দাখিল কৰে৷ মনোননয়ন দাখিল কৰি জয় নিশ্চিত বুলি দাবী কৰে গোস্বামীয়ে৷ আজি মনোনয়ন দাখিল কৰাৰ সময়তে অগপৰ নেতা-কৰ্মী বৃন্দাবন গোস্বামীৰ সৈতে দেখা যায়৷

অগপই তেজপুৰ সমষ্টিত বৃন্দাবন গোস্বামীক বঞ্চিত কৰি কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ পুত্ৰ পৃথ্বিৰাজ ৰাভাক টিকট প্ৰদান কৰিছিল৷ দলৰ কেন্দ্ৰীয় নেতৃত্বৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰি সমৰ্থকৰ উপস্থিতিত আজি তেজপুৰ সমষ্টিৰ পৰা মনোনয়ন দাখিল কৰে।