তেজপুৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত অসমৰ দ্বিতীয়টো প্লাজমা বেংকৰ উদ্বোধন

77

ষ্টাফৰিপৰ্টাৰ, তেজপুৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ত আজি অসমৰ দ্বিতীয়টো প্লাজমা বেংক উদ্বোধন কৰে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৷ উদ্বোধন কৰি মন্ত্ৰী গৰাকীয়ে ক’ভিড-১৯ ৰোগীলৈ চিকিৎসাসেৱা প্ৰদানৰ ক্ষেত্ৰত এই প্লাজমা বেংকটোৱে যথেষ্ট সহায় কৰিব বুলি কয় ৷ এই ভ্ৰমণকালত প্লাজমা দাতাসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰাৰ উপৰি তেজপুৰ চিকিৎসা মহাবিদ্যালয় তথা চিকিৎসালয়ৰ অধীক্ষক, চিকিৎসক, জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ আন বিষয়াসকলৰ সৈতে এখন বৈঠকতো মিলিত হয় স্বাস্থ্য মন্ত্ৰী গৰাকী।
প্লাজমা দানৰ বাবে অধিকসংখ্যক লোকক আগবাঢ়ি আহিবলৈ বিনম্ৰ অনুৰোধ জনায় মন্ত্ৰীগৰাকীয়ে।