তেজপুৰত ৬ বছৰীয়া শিশুক বলাত্কাৰৰ চেষ্টা পাষণ্ডৰ

64

তেজপুৰ: মানুহ কিমান পাশবিক হলে নিজৰ নাতিৰ বয়সৰ কন্যা শিশুৰ সৈতে দুষ্কাৰ্য কাম কৰিব পাৰে! তেজপুৰত এনে এক পাশবিক কাণ্ডই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। সংস্কৃতিৰ নগৰী তেজপুৰৰ হাৰিগাঁও বৰতলত হেমেন নায়ক নামৰ এজন ৪০ বছৰীয়া পাষণ্ডই ঘৰৰ ওচৰৰে এটি ৬ বছৰীয়া কন্যা শিশুক বলাত্কাৰৰ চেষ্টা চলায়।

অভিযোগ অনুসৰি শিশুটিয়ে অইন শিশুৰ সৈতে খেলি থকাৰ সময়ত হেমেন নায়ক নামৰ পাষণ্ড জনে শিশুটিৰ হাতত দহ টকা দি ফুচুলাই ওচৰৰ পথাৰলৈ লৈ যায়। তাত শিশুটিৰ ওপৰত অসৎ কামনা চৰিতাৰ্থ কৰিব ওলাওঁতে শিশুটিয়ে চিঞৰ বাখৰ আৰম্ভ কৰে। এনেতে ওচৰৰ আন এগৰাকী মহিলাই শিশুটিক দেখা পায় উদ্ধাৰ কৰাৰ লগতে পাষণ্ড লোকজনক স্থানীয় ৰাইজে কৰায়ত্ত কৰে।

ৰাইজে পাষণ্ড হেমেন নায়কক উত্তম মাধ্যম সোধাই পিছত কছাৰিগাঁও আৰক্ষীৰ হাতত চমজাই দিয়ে। আৰক্ষীয়ে ২৪৬৮/২০ ধাৰাত হেমেন নায়কৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।