তেজপুৰত ৪০টা গৰুসহ ৩ জনক আটক

86

তেজপুৰঃ গোপন তথ্যৰ ভিত্তিত শোণিতপুৰ আৰক্ষীয়ে তেজপুৰ আৰক্ষী থানাৰ বৰঘাট অ’পিৰ অন্তৰ্গত কলিয়াভোমোৰা দলঙৰ ওচৰৰ চেক পোষ্টত অভিযান চলাই এএছ ০১ জিচি ২৪৮৭ নম্বৰৰ এখন ট্ৰাকৰ পৰা ৪০ টা গৰু জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে জানিবলৈ দিয়া মতে গৰু সমূহ চাৰিদুৱাৰ আৰক্ষী থানাৰ অধীনৰ ১৮ মাইলৰ পৰা নগাঁও জিলাৰ ৰূপহীলৈ সৰবৰাহ কৰি থকাৰ সময়তে আৰক্ষীয়ে জব্দ কৰে।

এই সন্দৰ্ভত তিনিজন লোকক আটক কৰা হৈছে। ধৃত লোক কেইজনক ক্ৰমে- ৰূপহী পিএছৰ অন্তৰ্গত গুণাবাৰী গাঁৱৰ আবুল বাছাৰ, লামডিঙৰ হাবিজুল ইছলাম আৰু মেঘালয়ৰ পশ্চিম জয়ন্তীয়া পাহাৰৰ নাৰ্কিংৰ আৰ্কি দাখৰ বুলি জানিব পৰা গৈছে। পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইনৰ 2461/21 ইউ/এছ 379/411 আইপিচি আৰ/ডব্লিউ ছেকেণ্ড 11(ঘ)/(ই) /(এফ)ৰ এটা গোচৰ ৰুজু কৰা হৈছে আৰু পৰৱৰ্তী তদন্ত চলি আছে।