তেজপুৰত বহিঃৰাজ্য কোম্পানীৰ দপদপনি

208

তেজপুৰত বহিঃৰাজ্য কোম্পানীৰ দপদপনি ৷ অত্যাধুনিক মেচিনেৰে অবৈধ খনন ৷ কুম্ভকৰ্ণৰ নিদ্ৰাত শোনিতপুৰ জিলা প্ৰশাসন / জলসম্পদৰ বিভাগ ৷
উল্লেখযোগ্য যে শোনিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ চাৰিদুৱাৰ ৰাজহ চক্ৰ এলেকাৰ দিকৰাই জানত কাৰ আৰ্শীবাদত বহি ৰাজ্যৰ R S M কোম্পানীয়ে চলাইছে অবৈধ খনন !

বাতৰি প্ৰকাশৰ পিছতো কিয় RSM কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা নলয় জিলা উপায়ুক্তই ?

R S M কোম্পানীৰ বিৰুদ্ধে সৰৱ নেমছু সংগঠন! শীঘ্ৰেই ব্যৱস্থা গ্ৰহন নকৰিলে জঙ্গী আন্দোলনৰ হুংকাৰ নেমছুৰ ৷

উল্লেখ যে, যোৱা কিছুদিন পূৰ্বে ৰাইজৰ অভিযোগ ভিত্তি RSM নামৰ এই বহিঃৰাজ্যৰ কোম্পানীয়ে কেনেদৰে নীতি বহিভূত অত্যাধুনীক মেচিনেৰে অবৈধ খনন কৰি আছিল তাৰ বিৰুদ্ধে কিছু তথ্য ফাদিল হৈছিল। কিন্তু বাতৰি কৰাৰ পিছতো জলসম্পদ বিভাগৰ লগতে শোণিতপুৰ জিলা উপায়ুক্তই কোনো ধৰনৰ ব্যৱস্থা গ্ৰহনৰ পৰা বিৰত থাকিল । শোনিতপুৰ জিলাৰ জলসম্পদৰ বিভাগৰ কাৰ্য্যবাহী অভিযন্তা গৰাকীক এই কোম্পানীতোৱে নদীৰ বুকুৰ পৰা অবৈধ বালি খননৰ বিষয়ে প্ৰশ্ন কৰাত বিভাগৰ পৰা কোনো ধৰনৰ অনুমতি লোৱা নাই আৰু আমি এই বিষয়ে জ্ঞাত নহয় বুলিহে মন্তব্য কৰে ৷আৰু যদিও জলসম্পদ বিভাগৰ পৰা অনুমতি বিচাৰিলে হয় এনে দৰে অত্যাধুনিক মেচিনেৰে বালি খনন কৰাৰ অনুমতি জলসম্পদ বিভাগে কেতিয়াও নিদিয়ে।

উল্লেখনীয় বিষয়তো হ’ল দূৰ্নীতি আৰু অ নিয়মৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা বিজেপি চৰকাৰৰ এই শূন্য সহনশীলতা নীতি অৱলম্বন কৰি বহি ৰাজ্যৰ এই R S M কোম্পানীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ সাহস কৰিব নে শোণিতপুৰ জিলা উপায়ুক্তৰ লগতে জলসম্পদ বিভাগে ।সেয়া পৰৱৰ্তী পৰ্যায়ত লক্ষণীয় বিষয় হব।