তেজপুৰত পথ নিৰ্মানত দূনীতি

394

তেজপুৰত পথ নিৰ্মানত দূনীতি ৷

শূণ্য সহনশীলতা নীতিৰ কথা কোৱা বিজেপি চৰকাৰে এই নীতিক অক্ষুন্নন ৰাখিব পাৰিছেনে ? নে একাংশ অৰ্থলোভী ঠিকাদাৰে এই নীতিক গুৰুত্ব নিদিয়ে ৷ আৰু এই ক্ষেত্ৰত স্থানীয় বিধায়ক গৰাকীৰ কৰনীয় একোৱে নাই নেকি ?

তেজপুৰ সমষ্টিৰ বাত পথ নিৰ্মানত হোৱা দূৰ্নীতি চকুত পৰিবনে তেজপুৰৰ বিধায়ক পৃথিৰাজ ৰাভাৰ !

ৰাজ্যত এতিয়া মিছা প্ৰতিশ্ৰুতিৰ বন‍্যা বোৱাই ফাঁকি- ফুকাৰে চলিছে নেকি চৰকাৰ ।

ৰাজ্য চৰকাৰৰ কথা আৰু কামৰ মাজত নাই তিলমানো মিল।

দুৰ্নীতি, ভ্ৰষ্টাচাৰ বিৰোধী শ্লোগান দিয়া বিজেপি চৰকাৰৰ উকলিল ৬ টা বৰ্ষ

পিছে দুৰ্নীতি মুক্ত হ’ব কেতিয়া ?

মূখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ শূন্য সহনশীলতা নীতিক অংগুস্থ প্ৰদৰ্শন কৰি কোন এই ধুৰন্ধৰ ঠিকাদাৰে চলাইছে লুণ্ঠন !

এই পথটো হৈছে ভোজখোৱা চাপৰিৰ পৰা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা কৰৈয়নী বঙালী গাওঁ হৈ আলিচিঙালৈ যোৱা এক মাত্ৰ পথ। এই পথচোৱা নিৰ্মানৰ কাম কৰে নিশা বাইকৰ লাইটৰ পোহৰত ৷ আনকি অতি বিসঙ্গতি পূৰ্নভাবে নিৰ্মান কৰা পথচোৱাত নাই কোনো চাইদ বান্ধ ৷ যাৰ বাবে দীৰ্ঘদিনে আবেদন নিবেদন পিচত ৰাইজে লাভ কৰা এই পথটোৰ কাষেৰে এখন ৱোজাই বাহন গলেই খহি পৰিব নৱ নিৰ্মিত এইটো পথ ৷

শুনক এই জন স্থানীয় লোকৰ মুখেৰে !!!!!
২ কোটি ১১ লাখ ৯ হাজাৰ ৭০০টকাৰে নিৰ্মাণ হৈছে এই পথটি।

যোৱা ২০২১ চনৰ ৫ মে মাহত আৰম্ভ হোৱা এই পথচোৱা ২০২২ চনৰ ফেব্ৰুৱাৰী মাহত সম্পূৰ্ণ কৰাৰ কথা উল্লেখ আছিল যদিও পথৰ কাম বিলম্ব কৰাৰ অভিযোগ ৰাইজৰ।

সত্যজিৎ বৰা নামৰ ঠিকাদাৰ গৰাকীয়ে ঠিকা লাভ কৰা এই পথ নিৰ্মানৰ কাম প্ৰকৃতাৰ্থত কেনেদৰে চলিছে সেয়াও গম নাপায় ঠিকাদাৰ সত্যজিৎ বৰায়ে ৷ একাংশ মধ্যভোগীৰ দ্বাৰা চলিছে এই নিৰ্মান কাৰ্য ৷ হাতেৰে টানি এৰাব পাৰিব ব্লেক টেপিং

এই পথ নিৰ্মাণৰ ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ লগতে ঠিকাদাৰে চৰকাৰী নিৰ্দেশনা ৰাইজৰ অভিযোগৰ প্ৰতি গুৰুত্ব আৰোপ নকৰি মইমতালি কৰাৰ অভিযোগ ৰাইজৰ।