গুৱাহাটীঃ শুকুৰবাৰে তেজপুৰত অভিযান চলাই থকা অৱস্থাত অসম আৰক্ষীয়ে প্ৰায় ১৪০০ গ্ৰাম ওজনৰ চাৰিটা নকল সোণৰ বিস্কুট জব্দ কৰিবলৈ সক্ষম হয়।
তেজপুৰৰ এছ এই ভাৰ্গব বৰবৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে নপাম বজাৰত অভিযান চলাই এই বৃহৎ পৰিমাণৰ নকল সোণৰ বিস্কুট জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তেজপুৰৰ কুৰকানী গাঁৱৰ কিতাব আলী নামৰ এজনক আটক কৰিছে। এই ভুৱা সোণ বিক্ৰেতাৰ ৰেকেটৰ আন সদস্যসকলক বিচাৰি উলিওৱাৰ বাবে অধিক অনুসন্ধান চলি আছে।
