তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ্থী সকললৈ আহিল ভাল খবৰ

102

এ ডি আৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ প্ৰাৰম্ভিক পৰীক্ষাৰ বিপৰীতে মূল (মেইনছ) আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত হ’ব । এই কথা সামাজিক মাধ্যমযোগে সদৰী কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য, কেইদিনমান পূৰ্বে সামাজিক মাধ্যমযোগে মুখ্যমন্ত্রীয়ে এ ডি আৰ ইৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা অসম লোক সেৱা আয়োগৰ আৰ্হিত অনুষ্ঠিত কৰা হ’ব বুলি ঘোষণা কৰিছিল । কিন্তু ইয়াকে লৈ বিভিন্নজনে ব্যাপক অসন্তুষ্টি ব্যক্ত কৰাত মুখ্যমন্ত্রীয়ে এই সিদ্ধান্ত পুনৰ বিবেচনা কৰাৰ কথা উল্লেখ কৰিছিল । অৱশেষত মুখ্যমন্ত্রীয়ে সামাজিক মাধ্যমযোগে প্ৰাৰম্ভিক পৰীক্ষাৰ বিপৰীতে মেইনছ আৰু মৌখিক পৰীক্ষা অনুষ্ঠিত কৰাৰ কথা জনায় ।