তুলসীবাৰীৰ শ্ৰীশ্ৰী গৰখীয়া গোপাল মাৰলী থানৰ ৩৭তম্ বাৰ্ষিক মহোৎসৱ উদযাপন

62

কামৰূপ জিলাৰ ৰঙিয়া মহকুমাৰ অন্তৰ্গত তুলসীবাৰীৰ শ্ৰী শ্ৰী গৰখীয়া গোপাল মাৰলী থানৰ ৩৭ তম্ বাৰ্ষিক মহোৎসৱ আৰু মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা দিৱস বুধবাৰে পালন কৰা হয়। এদিনীয়া কাৰ্য্যসূচীৰে পালন কৰা এই মহোৎসৱত ৰঙিয়া অঞ্চলৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা হাজাৰ হাজাৰ ভক্তৰ সমাৱেশ দেখিবলৈ পোৱা যায়।

মহোৎসৱখনিত ৰঙিয়া সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী ভৱেশ কলিতাই উপস্থিত হৈ ভক্তপ্ৰাণ ৰাইজক শুভেচ্ছা জনোৱাৰ লগতে শ্ৰী শ্ৰী গৰখীয়া গোপাল মাৰলী থানৰ উন্নয়নৰ বাবে চৰকাৰে লোৱা পদক্ষেপৰ বিষয়ে জনায়। থানখনলৈ অহা সকলো বাট-পথৰে উন্নয়ন ব্যৱস্থা কৰা হ’ব বুলিও প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী ভৱেশ কলিতাই।