আজিৰে পৰা আৰম্ভ হোৱা অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ প্ৰথম দিনটোতে ৰাজ্যত বৰ্তমান অব্যাহত লোডশ্বেডিঙৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে।
দিছপুৰৰ নতুন অসম বিধানসভা ভৱনৰ বাহিৰত বিধায়ক গৰাকীয়ে হাতত লেম্প আৰু বিচনী লৈ উৎকট গৰমৰ মাজত হৈ থকা লোডশ্বেডিঙ বাবে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখ্য যে, বিগত কেইসপ্তাহমানৰ সমগ্ৰ ৰাজ্যজুৰি হৈ থকা তীব্ৰ লোডশ্বেডিঙে হাৰাশাস্তি কৰিছে সাধাৰণ জনতাক। ইফালে উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্য।
ইয়াৰ পিছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছে যে বৰ্তমান বিদ্যুতৰ প্ৰয়োজনীয়তা ২৫০০ মেগাৱাটৰ ওপৰত। অৱশ্যে পৰৱৰ্তী সময়ত তেওঁ নতুন দিল্লীত কেন্দ্ৰীয় শক্তি মন্ত্ৰী আৰ কে সিঙৰ সৈতে সাক্ষাৎ কৰি অৰ্থনীতিৰ উৎপাদনশীল খণ্ডসমূহৰ বৃদ্ধিৰ ফলত বিদ্যুতৰ চাহিদা ২৬% অভূতপূৰ্ব বৃদ্ধিৰ বিষয়ে অৱগত কৰে। অসমলৈ কমেও ৩ হাজাৰ মেগাৱাট শক্তি আবণ্টন দিয়াৰ কথা চিন্তা কৰাৰ আশ্বাস কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দিয়া বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে।
ইফালে আজি বিধায়ক গগৈয়ে হাতত লেম্প আৰু বিচনী লৈ বিদ্যুৎ সংকট আৰু উচ্চ শুল্কক লৈ প্ৰতিবাদ সাব্যস্ত কৰে। অল ইণ্ডিয়া বিদ্যুৎ পৰিসংখ্যা (জেনেৰেল ৰিভিউ) ২০২৩ৰ তথ্য উদ্ধৃতি দি তেওঁ সাংবাদিকৰ আগত কয় যে অসমত ব্যক্তিগত আৰু কেন্দ্ৰীয়কে ধৰি মাত্ৰ ৫৫৮.৪ মেগাৱাট শক্তি উৎপাদনৰ ক্ষমতা আছে।
‘আজি যেতিয়া আন ৰাজ্যসমূহে ১০০০ কিলোৱাট ঘন্টাতকৈ অধিক বিদ্যুৎ ব্যৱহাৰ কৰি আছে, আমাৰ ৰাজ্যই কেৱল ৩৮৪ কিলোৱাট ঘণ্টাৰ বিদ্যুৎ ব্যৱহাৰ কৰি আছে।’ এই পৰিমাণৰ শক্তি ব্যৱহাৰৰ বাবে চৰকাৰে এতিয়াও কোনো ব্যৱস্থা কৰা নাই বুলিও তেওঁ কয়।
বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ সময়ত বিৰোধীয়ে বিদ্যুৎ সংকটৰ বিষয়টো উত্থাপন কৰাৰ সম্ভাৱনা আছে।
