তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনত বিজুমণি বৰদলৈয়ে নাক ৰাখিলে কংগ্ৰেছৰ!

71

ডিজিটেল ডেস্ক:- পুনৰ এবাৰ মুখ থেকেছা খালে কংগ্ৰেছে। এআই ইউ ডি এফৰে মিত্ৰতাৰে ২০২১ৰ বিধানসভা নিৰ্বাচনলৈ সাজু হোৱা কংগ্ৰেছে বিটিছি পৰিষদীয় নিৰ্বাচনত মুখ থেকেছা খাইছিল। এইবাৰ তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনতো শোচনীয় পৰাজয়ৰ সন্মুখীন হল দলটো। কংগ্ৰেছৰ এই বৃহৎ ব্যৰ্থতাই এতিয়া জনমানসত যে দলটোৰ স্থিতি দুৰ্বল হৈছে সেয়াই প্ৰমাণ কৰিছে।

শনিবাৰে অনুষ্ঠিত হোৱা তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ ভোট গণনাত ৩৬ খন আসনৰ ভিতৰত ৩৪ খনতে বিজয়ী হয় শাসকীয় বিজেপি। ইয়াৰ বিপৰীতে মাত্ৰ এখন আসনত কংগ্ৰেছ আৰু এখন আসনত অগপ প্ৰাৰ্থীয়ে জয়লাভ কৰে। এখন আসনত জয়লাভ কৰি কংগ্ৰেছৰ মান ৰক্ষা কৰিবলৈ সক্ষম হয় নগাঁও জিলাৰ ২৭নং কাকীৰ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে। সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াইছিল বিজুমণি বৰদলৈয়ে।