তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী অভিনেত্ৰী সুৰেখা চিকৰী আৰু নাই

104

ডিজিটেল ডেস্কঃ তিনিবাৰকৈ ৰাষ্ট্ৰীয় পুৰস্কাৰ বিজয়ী অভিনেত্ৰী সুৰেখা চিকৰীৰ বিয়োগে জোকাৰি গৈছে সমগ্ৰ বলীউড। অভিনয়ৰ দক্ষতাৰে বলীউডৰ লগতে দক্ষিণ ভাৰতীয় ছবিত নিজৰ নাম সোণালী আখৰেৰে লিপিবদ্ধ কৰিবলৈ সক্ষম হোৱা সুৰেখা চিকৰীৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে দেশৰ বিদ্বৎ মহলে।

১৯৭৮ চনত মুক্তিলাভ কৰা ‘কিচ্ছা কুৰ্ছি কা’ ছবিৰ জৰিয়তে ছবিজগতত প্ৰথম খোজ দিয়া সুৰেখা চিকৰীৰ অভিনয় কৌশল আছিল অনন্য। যাৰ বাবে প্ৰথমখন ছবিৰ পিছতে হিন্দী ছবিৰ লগতে মালায়লম ছবি আৰু টিভিৰ ধাৰাবাহিকত তেওঁ কাম কৰি গৈছিল। ১৯৮৮ চনত ‘তামাছ’ ছবিৰ বাবে তেওঁ লাভ কৰিছিল প্ৰথমটো ৰাষ্ট্ৰীয় ফিল্ম ফেয়াৰ বঁটা। তাৰ পৰৱৰ্তী সময়ত ১৯৯৫ চনত শ্যাম বেংগলছ মাম্ম’ আৰু ২০১৮ চনত ‘বধাই হো’ ছবিৰ বাবে তেওঁ লাভ কৰিছিল ৰাষ্ট্ৰীয় পুৰস্কাৰ।

উত্তৰ প্ৰদেশৰ এটা তেনেই সাধাৰণ পৰিয়ালত জন্ম গ্ৰহণ কৰি বলীউডত খোপনি পুতা সুৰেখা চিকৰী ২০২০ চনত ব্ৰেইন ষ্ট্ৰকত আক্ৰান্ত হৈছিল। কিছুদিন পূৰ্বে তেওঁ সম্পূৰ্ণ সুস্থ হৈ ঘৰলৈ উভতিছিল যদিও এইবাৰ যেন পুনৰ নিয়তিৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল জ্যেষ্ঠ অভিনেত্ৰীগৰাকী। ৭৫ বছৰ বয়সত শুকুৰবাৰে অসংখ্য অনুৰাগীক কন্দুৱাই তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।