তিনিচুকীয়াত শোকাবহ ঘটনা! পেৰাগ্লাইডাৰৰ পৰা সৰি পৰি মৃত্যু এজন লোকৰ

100

পেৰাগ্লাইডিং কৰি থকাৰ সময়তে আকাশৰ পৰা তললৈ সৰি পৰি তিনিচুকীয়াত কৰুণ মৃত্যুক সাৱটি ললে এজন লোকে।

জানিব পৰা মতে, গুজিয়ানৰ ডিব্ৰু নৈৰ সমীপৰ স্কাইলেণ্ড ৰিজ’ৰ্টত সংঘটিত হয় এই শোকাবহ ঘটনা। নিহত লোকজনক লখিমপুৰ জিলাৰ পঙ্কজ গগৈ বুলি চিনাক্ত কৰা হৈছে।

উল্লেখযোগ্য যে পেৰাগ্লাইডাৰৰ পৰা মৃত্যু হোৱাৰ ঘটনা এয়া প্ৰথম নহয়। ১০ জানুৱাৰীত হিমাচল প্ৰদেশৰ বীৰ বিলিং পেৰাগ্লাইডিং ছাইটত ঋষভ ত্ৰিপাঠী নামৰ এটি ১২ বছৰীয়া কিশোৰৰ মৃত্যু হৈছিল পেৰাগ্লাইডাৰৰ পৰা পৰি।