তিনিচুকীয়াঃ তিনিচুকীয়া জিলাৰ পেঙেৰীত বুধবাৰে পুৱা এটা প্ৰাপ্তবয়স্ক হাতী মৃত অৱস্থাত উদ্ধাৰ হয়।
প্ৰথমে পেঙেৰী খাটানপানী ৰেঞ্জত স্থানীয় লোকে এই বনৰীয়া হাতীটো প্ৰত্যক্ষ কৰি বন বিভাগক খবৰ দিয়ে।
সূত্ৰই জনোৱা মতে, মৃত হাতীটোৰ মুখৰ পৰা তেজ আৰু ফেন ওলাই আছিল।
ইয়াৰ মৃত্যুৰ সঠিক কাৰণ মৰণোত্তৰ পৰীক্ষাৰ পিছত নিৰ্ণয় কৰা হ’ব বুলি বন বিষয়াসকলে অৱগত কৰে।
ইফালে, খাদ্য বিষক্ৰিয়াৰ বাবে হাতীটোৰ মৃত্যু হোৱা বুলি স্থানীয় ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।
শেহতীয়াকৈ যোৰহাট জিলাৰ এখন চাহ বাগিচাৰ পৰা উদ্ধাৰ হৈছে এটা হাতী পোৱালিৰ মৃতদেহ।
জানিব পৰা মতে, পোৱালিটোৰ মৃত্যুৰ সময়ত প্ৰায় তিনি মাহ বয়সৰ আছিল।
