তিনিচুকীয়াত গেছ নিৰ্গত হৈ ৩ শ্ৰমিকৰ মৃত্যুূ, আহত কেইবাজনো

156
প্ৰতীকি ফটো

দেওবাৰে নিশা তিনিচুকীয়াৰ এটা কয়লা খনিত গেছ নিৰ্গত হোৱাৰ পিছতে তিনিজন শ্ৰমিক নিহত হোৱাৰ লগতে আন কেইবাজনো গুৰুতৰভাৱে আহত হয়।

কংগ্ৰেছ ফিল্ডৰ সমীপত কয়লা খনন স্থানত এই ঘটনা সংঘটিত হৈছে।

নিহত কেইজন হৈছে ছহিদুল ইছলাম, হুছেইন আলী আৰু আছমত আলী।

ইফালে, ঘটনাটো ঢাকি ৰখাৰ প্ৰয়াসত কয়লা খননৰ মালিকে মাজনিশা জেচিবিৰ সহায়ত মৃতদেহকেইটাক পুতি থৈছিল বুলি দাবী কৰে পৰিয়ালৰ লোকে।

সূত্ৰই জনোৱা মতে, আৰক্ষীয়ে এতিয়াও ঘটনাস্থলীত উপস্থিত হৈ গোচৰটোৰ সূত্ৰপাত আৰু তদন্ত কৰা নাই।