তিনিচুকীয়াৰ বাঘজান তৈল খাদত ভয়ংকৰ অগ্নিকাণ্ড

85

ভয়ঙ্কৰ বিপদৰ দিশে গতি কৰিছে সমগ্ৰ বাঘজান অঞ্চল

ষ্টাফৰিপৰ্টাৰ, ৯ জুন :: জুইৰ লেলিহান শিখাই আৱৰি ধৰিছে তিনিচুকীয়াৰ বাঘজান গাঁৱকে ধৰি ডিব্ৰু-ছৈখোৱা আৰু মাগুৰি মতাপুং বিলৰ বৃহৎ অঞ্চল । সম্পূৰ্ণ ১৪ দিন ধৰি তেল পৰি থকাৰ বাবে এটা বৃহৎ অঞ্চলৰ গছ-বন শুকাবলৈ আৰম্ভ কৰাৰ ফলত ক্ৰমান্বয়ে বৃদ্ধি পাইছে জুই । এই বিস্ফোৰণৰ পাছতে ভয়ংকৰ জুইয়ে তৈল খাদটোত আৱৰি ধৰে। এই খাদটোৰে ২৭ মে’ৰ পৰা নিৰ্গত হৈ আছিল তেল, গেছ।
ছিংগাপুৰৰ বিশেষজ্ঞৰ সন্মুখতে বিস্ফোৰণ ঘটে। জুই কেইবাকিলোমিটাৰ নিলগৰ পৰা দেখা পোৱা গৈছে। লেলিহান জুই জ্বলি শেষ হোৱাৰ পথত বিশাল তৈল ভাণ্ডাৰ। বাঘজানৰ গেছ নিৰ্গমনস্থলীত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাস্থলীলৈ তাৎক্ষণিকভাৱে ৰাওনা হোৱাৰ বাবে উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিৰ্দেশ দিছে। ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ চৰজমিন বুজ ল’বলৈ মন্ত্ৰীগৰাকীক মুখ্যমন্ত্ৰীয়ে এই নিৰ্দেশ দিছে।