মঙলবাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰ অঞ্চলত এখন মিনি পঞ্জাৱ বডি ট্ৰাকৰ সংঘৰ্ষত ৭ জন লোকৰ থিতাতে মৃত্যু হয়।
প্ৰাথমিক প্ৰতিবেদন অনুসৰি, যাত্ৰীসকলে ডুমডুমাৰ সাপ্তাহিক বজাৰৰ পৰা উভতি আহি থকা অৱস্থাত তেওঁলোকে যাত্ৰা কৰা বাহনখনে মিনি ট্ৰাকখনৰ সৈতে সংঘৰ্ষত লিপ্ত হয়।
এই ভয়ংকৰ দুৰ্ঘটনাটোত ৭ জন লোকৰ থিতাতে মৃত্যু ঘটাৰ বিপৰীতে আন ১১ জন গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাত পতিত হোৱা বাহন দুখনৰ নম্বৰ AS23-CC 8930 আৰু AR 20A1093 বুলি জানিব পৰা গৈছে।
দুৰ্ঘটনাৰ পিছতে ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত আহত সকলক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে।
