তিনিচুকীয়াত এখন ট্ৰাক ঘূৰোৱাৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হৈ চালকসহ দুজন লোকৰ মৃত্যু ঘটে।
খবৰ অনুসৰি তিনিচুকীয়া জিলাৰ জাগুনৰ লিডো চহৰত সংঘটিত হৈছে এই ঘটনা। ঘটনাৰ লগত জড়িত ট্ৰাকখনে কয়লা সৰবৰাহ কৰি আহিছিল বুলি জানিব পৰা গৈছে।
ফলত সংঘটিত হোৱা দুৰ্ঘটনাত থিতাতে মৃত্যু হোৱা দুজনৰ ভিতৰত ট্ৰাকখনৰ চালকজনো আছিল। ইফালে এই ঘটনাত আন দুজন লোকো আহত হয়।
তদুপৰি কয়লা সৰবৰাহৰ ৰেকেটে সমগ্ৰ ঘটনাটো লুকুৱাবলৈ চেষ্টা কৰাটোও চৰ্চালৈ আহিছে যদিও আৰক্ষীয়ে ধ্বংসপ্ৰাপ্ত ট্ৰাকখন উদ্ধাৰ কৰাৰ পিছত পোহৰলৈ আহিছে।
