শনিবাৰে তিনিচুকীয়া জিলাত আৰক্ষীৰ এনকাউণ্টাৰত আহত হয় এজন যুৱক।
জুনুমান বৰা নামৰ যুৱকজনক লগে লগে তিনিচুকীয়া অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় চিকিৎসাৰ বাবে।
সূত্ৰ অনুসৰি তিনিচুকীয়া জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (মুখ্য কাৰ্যালয়) বিভাষ দাস আৰু অপৰাধ শাখাৰ তিনিচুকীয়া জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক মইদুল ইছলামৰ লগতে তিনিচুকীয়া সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পৰাগ জ্যোতি বুঢ়াগোহাঁই আৰু কেইবাজনো আৰক্ষী বিষয়া তিনিচুকীয়া অসামৰিক চিকিৎসালয়ত উপস্থিত থাকে।
অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে আৰক্ষীয়ে কোনো আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰা নাই।
তিনিচুকীয়াৰ মামৰণী গাঁৱত নিৰাপত্তাৰক্ষীয়ে প্লাষ্টিকৰ বেগত মেৰিয়াই থোৱা বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰাৰ পিছতে সংঘটিত হয় এই এনকাউণ্টাৰ।
উদ্ধাৰৰ পিছতে অঞ্চলটো ঘেৰাও কৰি ৰখাৰ বিপৰীতে তিনিচুকীয়া আৰক্ষীয়ে সেনা জোৱানৰ সৈতে তালাচী অভিযান চলাবলৈ সেই স্থানত উপস্থিত হয়।
এই সন্দৰ্ভত সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত তিনিচুকীয়াৰ অতিৰিক্ত আৰক্ষী অধীক্ষক বিভাস দাসে কয় যে মুঠ আঠটা পিইকে, এটা ডিটনেটৰ, আৰু এটা পাৱাৰ পেক ছটা বেটাৰীসহ উদ্ধাৰ কৰা হৈছে।