তিতা মিঠা স্মৃতিৰে ভৰপূৰ ২০২২ৰ ক্ৰীড়া বিশ্ব

133

২০২২ বৰ্ষটো অন্তিম পৰ্যায়ত উপনীত হৈছে। আৰু কেইটামান দিনৰ পিছত অন্ত পৰিব এই বৰ্ষটো। এই বছৰটোৱে ক্ৰীড়া জগতৰ বাবে বহুতো তিতা মিঠা স্মৃতি কঢ়িয়াই আনিছিল। টেনিছ কিংবদন্তী ৰজাৰ ফেডাৰেৰে অৱসৰ ঘোষণা কৰে, আনহাতে নীৰজ চোপ্ৰাই ডায়মণ্ড লীগত সোণৰ পদক জিকি দেশবাসীক গৌৰৱান্বিত কৰে। ইয়াৰ পিছত, লিয়নেল মেছিয়ে তেওঁৰ দলক বিশ্ব চেম্পিয়ন কৰি তোলে আৰু আৰ্জেণ্টিনাকে ধৰি মেছিৰ অনুৰাগীসকল এতিয়াও ইয়াৰ উদযাপনত নিমজ্জিত হৈ আছে। চলিত বৰ্ষ অন্ত পৰিবলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা সময়ত আৰ্জেণ্টিনাৰ দলটোৱে ৩৬ বছৰৰ পিছত পুনৰ বিশ্বকাপৰ খিতাপ দখল কৰে। আৰ্জেণ্টিনাৰ অধিনায়ক লিয়নেল মেছিয়ে তেওঁৰ দলক ফাইনেললৈ লৈ যোৱাৰ বাবে সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু ফাইনেলত দুটা গ’ল কৰি আৰ্জেণ্টিনাৰ বিজয়ত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। তেওঁ ফিফা বিশ্বকাপৰ প্ৰতিখন নকআউট খেলত গ’ল কৰা প্ৰথম জন খেলুৱৈ হৈছিল। অন্তিম খন খেলত আৰ্জেণ্টিনাই পেনাল্টি শ্বুটআউটত ফ্ৰান্সক ৪-২ গ’লত পৰাস্ত কৰে আৰু তৃতীয়বাৰৰ বাবে খিতাপ দখল কৰে। ইয়াৰ লগে লগে ফ্ৰান্সৰ একেৰাহে দ্বিতীয়বাৰৰ বাবে খিতাপ জয়ৰ স্বপ্ন ভংগ হয়। মেছিয়ে ট্ৰফীৰ লগতে গোল্ডেন বলও দখল কৰিছিল আৰু তেওঁৰ অন্তিম বিশ্বকাপত বিশ্ব চেম্পিয়ন হোৱাৰ সপোন পূৰণ কৰিছিল। একেদৰে এই বৰ্ষটোত টেনিছ ইতিহাসৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৰজাৰ ফেডাৰেৰে অৱসৰ ঘোষণা কৰে। তেওঁ ৰাফেল নাডালৰ সৈতে একেলগে তেওঁৰ অন্তিম খন খেল খেলিছিল আৰু ইয়াত তেওঁ পৰাজয়ৰ সন্মুখীন হ’ব লগা হৈছিল। ফেডাৰেৰৰ সমগ্ৰ কেৰিয়াৰত আটাইতকৈ প্ৰতিদ্বন্দী নাডালে তেওঁৰ বিদায়ী খেলখনত অতি আৱেগিক আছিল আৰু পৰাজয়ৰ পিছত উচুপি উঠিছিল। ফেডাৰেৰে ৪১ বছৰ বয়সত টেনিছক বিদায় জনাইছিল। কেৰিয়াৰৰ শেষত, তেওঁ আঘাতৰ সৈতে যুঁজি আছিল। আনহাতে, ভাৰতৰ গোল্ডেন বয় নীৰজ চোপ্ৰাই এই বছৰ দেশক পুনৰ গৌৰৱান্বিত কৰিছিল। তেওঁ ডায়মণ্ড লীগত সোণৰ পদক জিকিছিল আৰু এনে কৰা প্ৰথম ভাৰতীয় হৈছিল। তেওঁৰ সৰ্বশ্ৰেষ্ঠ থ্ৰো আছিল ৮৮.৪৪ মিটাৰ। নীৰজে এই বছৰ আঘাতৰ সৈতে যুঁজিছিল, কিন্তু যেতিয়া তেওঁ খেলপথাৰলৈ আহিছিল, তেওঁ সকলোকে আচৰিত কৰি তুলিছিল। নীৰজে এই প্ৰতিযোগিতাত ভাল আৰম্ভণি কৰা নাছিল, কিন্তু পিছত তেওঁ এক সুন্দৰ প্ৰত্যাৱৰ্তন কৰে আৰু সোণৰ পদক লাভ কৰে। আনহাতে, এই বছৰ প্ৰথমবাৰৰ বাবে মহিলা ক্ৰিকেটক কমনৱেলথ গেমছত অন্তৰ্ভুক্ত কৰা হয় আৰু অষ্ট্ৰেলিয়াৰ দলটোৱে ফাইনেলত ভাৰতক পৰাস্ত কৰি সোণৰ পদক অৰ্জন কৰে। টি-২০ ফৰ্মেটত অনুষ্ঠিত এই প্ৰতিযোগিতাখনত আয়োজক ইংলেণ্ডৰ দলটোৱে ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে। চূড়ান্ত খেলখনত অষ্ট্ৰেলিয়াই প্ৰথমে বেটিং কৰে আৰু ভাৰতৰ সন্মুখত ১৬১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰে। ইয়াৰ প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই দুটা উইকেটত ১১৮ ৰান সংগ্ৰহ কৰি জয়লাভ কৰাৰ কাষ থকা যেন লাগিছিল, কিন্তু শেষত ভাৰতে উইকেট হেৰুৱায় আৰু মেচখন ন ৰানত হেৰুৱায়।