তিতাবৰত কোভিড কেয়াৰ চেণ্টাৰৰ পৰা কয়দীৰ পলায়ন

120

তিতাবৰত কোভিড কেয়াৰ চেণ্টাৰৰ পৰা কয়দীৰ পলায়নে অঞ্চলটোত আতংকৰ সৃষ্টি কৰিছে। জানিব পৰা মতে, শনিবাৰে নিশা কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কৰে কয়দী কেইজনে।

তিতাবৰ জুভেনাইল কেন্দ্ৰত কোভিড সংক্ৰমণ ধৰা পৰাৰ পিছতে তিতাবৰ কোভিড কেয়াৰ চেণ্টাৰলৈ লৈ অহা হৈছিল ১২জন কিশোৰ অপৰাধীক। কিন্তু ইয়াৰে ৫ জন কয়দীয়ে পলায়ন কৰাত সমগ্ৰ অঞ্চলটোত আতংকই বিৰাজ কৰিছে।

কোভিড কেয়াৰ চেণ্টাৰৰ পৰা অপৰাধী কিশোৰ কেইজনে কিদৰে পলায়ন কৰিবলৈ সক্ষম হ’ল, সেয়া এতিয়াও স্পষ্ট নহয় যদিও আৰক্ষীয়ে কয়দী কেইজনৰ সন্ধানত নামি পৰিছে।