‘তাৰজান’ ছবিৰে বিশ্বজুৰি খ্যাতি অৰ্জন কৰা অভিনেতা জ’ লাৰাৰ দুৰ্ঘটনাত মৃত্যু

75

‘তাৰজান’ ছবিৰে বিশ্বজুৰি খ্যাতি অৰ্জন কৰা আমেৰিকান অভিনেতা জ’ লাৰাৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ঘটাৰ খবৰে অনুৰাগীৰ মাজত শোকৰ বন্যা নমাইছে। অভিনেতাগৰাকীয়ে পত্নী আৰু সতীৰ্থৰ সৈতে এখন সৰু জেটেৰে গৈ থকাৰ সময়ত যান্ত্ৰিক বিজুতি ঘটি জেটখন টেনেছ হ্ৰদত বাগৰি পৰে। যাৰ ফলত জেটখনৰ ভিতৰত থকা অভিনেতা জ’ লাৰা, তেওঁৰ পত্নী আৰু অন্য ৫ সতীৰ্থৰ মৃত্যু ঘটে।

৫৮ বৰ্ষীয় অভিনেতাগৰাকীৰ মৃত্যুৰ পিছতে তেওঁৰ বিশ্বজুৰি থকা অনুৰাগীসকল শোকত ভাগি পৰিছে। ইফালে জেট দুৰ্ঘটনাটোত অভিনেতাগৰাকীৰ সৈতে একেলগে মৃত্যুক সাৱটি লোৱা লোকসকল হৈছে ব্ৰাণ্ডন হানা, গোৱেন এছ লাৰা, উইলিয়ম জে লাৰা, ডেভিদ এল মাৰ্টিন, জেনিফাৰ জে মাৰ্টিন, জেছিকা ৱাল্টৰ্ছ আৰু জনাথন ৱাৰ্টৰ্ছ।