তালিবানৰ সমৰ্থনত পোষ্ট: গ্ৰেপ্তাৰ AIUDFৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক

111

সামাজিক মাধ্যমত সন্ত্ৰাসবাদী সংগঠন তালিবানৰ সমৰ্থনত পোষ্ট কৰি গ্ৰেপ্তাৰ হল এআইইউডিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাচিমি। আৰক্ষীয়ে মঙ্গলদৈৰ পৰা গ্ৰেপ্তাৰ কৰে কাচিমিক। আদালতে বৰ্তমান ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে অভিযুক্তজনক।

ইফালে তালিবানৰ সমৰ্থন পোষ্ট কৰি গ্ৰেপ্তাৰ হোৱাৰ পিছতে ফজলুল কৰিম কাচিমিক দলৰ পৰা নিলম্বন কৰাৰ ঘোষণা কৰে এআইইউডিএফে। এক বিবৃতিযোগে তাতখনিকভাৱে বলবৎ হোৱাকৈ কাচিমিক নিলম্বন কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে লব লগা সকলো আইনী ব্যৱস্থালৈ সমৰ্থন আগবঢ়াব বুলিও প্ৰকাশ কৰে এআইইউডিএফে।