তালিবানী শাসনৰ আতংক: বিমান বন্দৰত কাঁইটীয়া তাঁৰৰ ওপৰেৰে সন্তানক দলিয়াই প্ৰাণ ৰক্ষাৰ চেষ্টা আফগান মহিলাৰ

101

আফগানিস্তানত তালিবানী শাসনৰ বাবে আটাইতকৈ বেছি শংকিত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীৰ হৈ কাম কৰা আফগান নাগৰিক আৰু মহিলাসকল। বহু নাগৰিকে তালিবানী শাস্তিৰ ভয়ত দেশ এৰিবলৈ কাবুল বিমান বন্দৰত ভিৰ কৰিছে। অৱশ্যে, বিমানবন্দৰত বিশৃংখলতা প্ৰতিহত কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটিছ বাহিনীয়ে কেৱল অভিযানৰ অধীনত নিৰ্বাচিত লোকসকলক স্থানান্তৰ কৰিবলৈ কাঁইটীয়া তাঁৰৰ বেষ্টনী নিৰ্মাণ কৰিছে। ইফালে, উদ্ধাৰ অভিযান চলাই থকা সৈনিকসকলে বিমানবন্দৰত ভয়ংকৰ দৃশ্যৰ কথা উল্লেখ কৰিছে। একাংশ সেনাই বিমান বন্দৰৰ ভয়ংকৰ অভিজ্ঞতাৰ কথা বৰ্ণনা কৰি কয় যে মহিলাসকলে বিমানবন্দৰৰ ভিতৰলৈ সোমাবলৈ তেওঁলোকৰ সন্তানক কাঁইটীয়া বেৰৰ ওপৰেৰে দলিয়াই দিয়ে আৰু সৈনিকসকলক তেওঁলোকক ধৰিবলৈ আহ্বান জনায়। নিজৰ সন্তানক বচোৱাৰ বাবে উপায়ন্তৰ হৈ মহিলাসকলে কৰা এনে কাণ্ডত বহু শিশু আহতও হৈছে।

আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান স্কাই নিউজৰ এটা প্ৰতিবেদনত বিমানবন্দৰত কৰ্তব্যৰত মাৰ্কিন সেনাৰ উদ্ধৃতি দিয়া হয় এইদৰে- “এইটো বিপদজনক। মহিলাসকলে তেওঁলোকৰ নিজৰ ল’ৰা-ছোৱালীক কাঁইটীয়া তাঁৰৰ ওপৰেৰে দলিয়াই দিয়ে আৰু সৈনিকসকলক তেওঁলোকক ধৰিবলৈ কয়। যাৰ ফলত বহু শিশু কাঁইটীয়া তাঁৰত আৱদ্ধ হৈ আহত হয়।”

কাবুল বিমানবন্দৰৰ সাম্প্ৰতিক সময়ত আৰু কেইবাটাও ভিডিঅ’ ভাইৰেল হৈছে। মহিলাসকলক গেট আৰু বেষ্টনীৰ বাহিৰত সহায়ৰ বাবে কান্দি থকা দেখা গৈছে। এটা ভিডিঅ’ত এগৰাকী মহিলা চিঞঁৰিছে, “আমাক বচাওক, তালিবান আহি আছে।”

কেৱল সেয়াই নহয়, বিমানবন্দৰত আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটিছ বাহিনীৰ উপস্থিতি স্বত্বেও, তালিবানে বাহিৰত সাধাৰণ লোকৰ চাৰিওফালে এক বেষ্টনী বজাই ৰাখিছে। অষ্ট্ৰেলিয়াৰ সেনাৰ হৈ কাম কৰা এজন আফগান নাগৰিকে কয় যে তেওঁ বুধবাৰে বিমানবন্দৰত শাৰীপাতি অপেক্ষা কৰি থকাৰ সময়তে তালিবান সন্ত্ৰসবাদীয়ে তেওঁৰ ভৰিত গুলিয়ায়। আফগানিস্তানত তালিবানৰ সন্ত্ৰাসে এতিয়া সাধাৰণ জনতাক জীৱন বিপদাপন্ন কৰিছে।