তামিল ছবিৰ অভিনেত্ৰী বিজয়লক্ষ্মীৰ আত্মহত্যাৰ চেষ্টা

123

ষ্টাফৰিপৰ্টাৰ, অভিনেত্ৰী বিজয়লক্ষ্মীয়ে মানসিক অশান্তিত ভূগি আত্মহত্যা কৰাৰ চেষ্টা কৰে।অতি ডিপ্ৰেছনত ভোগা এইগৰাকী অভিনেত্ৰীয়ে ২৫ জুলাইত অন্তিমটো ভিডিঅ’ আপলোড কৰিছিল।তেওঁৰ ফেচবুক একাউণ্টত ভিডিঅ’ আপলোড কৰি তেওঁ কৈছিল “তেওঁ কিছুমান অধিক শক্তিশালী টেবলেট খাইছে।যিবোৰে ক্ৰমান্বয়ে তেওঁৰ শৰীৰৰ ৰক্তচাপ অধিক তললৈ নমাই নিব আৰু তেওঁ মৃত্যুৰ কোলাত শুই পৰিব।”উল্লেখযোগ্য যে,আত্মহত্যাৰ প্ৰয়াস কৰাৰ কিছুসময়ৰ পাছতে তেওঁক নিশাই চেন্নাইৰ এখন ব্যক্তিগত হস্পাতালত ভৰ্তি কৰা হয়।বৰ্তমান হাস্পতালৰ আই চি ইউত ভৰ্তি হৈ আছে অভিনেত্ৰী বিজয়লক্ষ্মী।জানিব পৰা মতে, তামিল ছবিৰ এগৰাকী পৰিচালকৰ এটা ৰাজনৈতিক দলৰ সমৰ্থকে তেওঁৰ ওপৰত মানসিক অত্যাচাৰ চলোৱাৰ অভিযোগ কৰিছিল বিজয়লক্ষ্মীয়ে।